Richest MLA in Maharashtra does not have a Car:
মহাৰাষ্ট্ৰ বিধানসভাৰ সদ্যসমাপ্ত নির্বাচনত জয়লাভ কৰা বিজেপিৰ বিধায়ক পৰাগ শ্বাহ ৰাজ্যখনৰ সবাতোকৈ ধনাঢ্য বিধায়ক হিচাপে পৰিচিত হৈছে ।
নির্বাচনৰ মনোনয়নৰ স’তে শপতনামাত উল্লেখ কৰা অনুসৰি, শ্বাহৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৩৮৩.০৬ কোটি টকা। ঘাটকোপৰ পূব সমষ্টিত জয়লাভ কৰা বিজেপিৰ এইজন বিধায়ক ২০১৯ তো এই সমষ্টিত জয়ী হৈছিল। সেই সময়ত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৫৫০.৬২ কোটি টকা। বিগত পাঁচ বছৰত শ্বাহৰ সম্পত্তিৰ পৰিমাণ ৫৭৫ শতাংশ বৃদ্ধি পালে। ৰিয়াল এষ্টেট ব্যৱসায় শ্বাহ এমআইচিআই গ্ৰুপৰ অধ্যক্ষ ।
উল্লেখ্য যে শপতনামাত ৩৩৮৩ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী বুলি ঘোষণা কৰা শ্বাহৰ নাই কোনো নিজ গাড়ী। শপতনামাত শ্বাহে তেওঁৰ নামত পঞ্জীকৃত গাড়ীৰ তথ্য উল্লেখ কৰা নাই ।