Horoscope:ৰাশিফল
মেষ: গবেষকসকলে কর্মত নতুন উৎসাহ পাব। কোনো সংবাদত মন ঠিক নাথাকিব পাবে। কর্মস্থানত সহকর্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক। প্রেমত শুভ।
বৃষ: ধন-প্ৰাপ্তিৰ সম্ভাৱনা আছে। আনৰ কথাত মন বেয়া নকৰি স্বকৰ্মত মন দিয়ক। ব্যৱসায়ীসকল লেন-দেনত বাধা প্রাপ্ত হ’ব। শৰীৰৰ প্ৰতি নজৰ দিয়ক।
মিথুন: সামগ্রিকভাবে দিনটো ভালেৰেই পাৰ হ’ব। কর্মক্ষেত্ৰত নিজৰ উদ্দেশ্য সাধনৰ চেষ্টা কৰক। নিবনুৱাৰ বাবে আর্থিক দিনটো শুভ বুলি ক’ব পাৰি।
কৰ্কট: আনৰ ওপৰত নিৰ্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে। নতুনকৈ কোনো কামৰ সন্ধান পাব। ঘৰুৱা দায়িত্ব পালনত ব্যর্থ হ’ব পাৰে।
সিংহ: নানা আহুকালৰ মাজেদি দিনটো পাৰ হ’ব পাৰে সাৱধানে থাকক। কর্মস্থানত নতুন দায়িত্ব পরিব। দাম্পত্যত জেদভাব ত্যাগ কৰক। ভ্ৰমণৰ বাবে যো-জা।
কন্যা: আর্থিকত খৰচ বৃদ্ধি পালেও যি প্রয়োজনীয় কাৰণ হ’ব পাৰে। ক্ষেত্র বিশেষে অর্থ লাভৰ আশাও কৰিব পাৰে।
তুলা: দিনটো আপোনাৰ মোটামুটি ভালেই যাব। আর্থিকত প্রাপ্য ধন পোৱাৰ আশা কবিব পাৰে। ব্যৱসায়ত আইনগতৰ বাধা আহিব। ভ্রমণত দ্রব্য লাভৰ কাৰকতা।
বৃশ্চিক: সামুহিক দৃষ্টিত খুব উন্নত দেখা নাযায়। বিদ্যাত অনুকূল সন্তানৰ সুসংবাদ পাব। ঘৰুৱাত বেছি একো নাই। ব্যৱসায়ীসকলৰ আৰ্থিক সমস্যাৰ সমাধান হ’ব।
ধনু: যোগ্যতাসম্পন্ন ব্যক্তিয়ে নিজৰ প্ৰায়বোৰ কৰ্মতে সুচল অনুভৱ কৰিব পাৰে। ভাই-ভনীৰ পৰা আনন্দ পাব। আর্থিকত বিশেষ বাধা নাপাব। দাম্পত্যত চিন্তা।
মকৰ: মান সম্মানৰ ক্ষেত্ৰত উৎসাহ পাব। পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্রাস পাব। নতুন কর্ম সন্ধানৰ সম্ভাৱনা বিদ্যাত শুভ। হঠাৎ আনন্দ লাভ।
কুম্ভ: সামান্য উন্নত হ’লেও দুই-এটা বেদনাদায়ক কথাই মন গধুৰ কৰিব পাৰে। সতর্ক থাকিলে বহুতো হ্রাস পাব। ঘৰুৱা পৰিৱেশ মজলীয়া।
মীন: অস্থিৰতা বৰ্জনৰ বাবে চেষ্টা কৰক। যানবাহনৰ পৰা সাধৱান, আকস্মিক অগ্রগতি প্রাপ্তিৰ সম্ভাৱনা। ব্যৱসায়ীসকলে সফলতা পাব।