Panchayat elections are likely to be held by the first week of February:
ৰাজ্যত ইতিমধ্যে সম্পন্ন হোৱা পাঁচ সমষ্টিৰ বিধানসভাৰ পিছতে এতিয়া ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ যোজা ৰাজ্যিক নির্বাচন আয়োগৰ ৷
দিছপুৰৰ এক সূত্ৰই জানিব দিয়া মতে অহা বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত ঘোষণা হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনত ভোট গ্ৰহণ হ’ব বেলট পেপাৰৰ জৰিয়তে ৷
ৰাজ্যিক নিৰ্বাচন আয়োগে অহা মাহৰ ১১ ডিচেম্বৰত কৰিব পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা ৷ এই সন্দৰ্ভত দাবী আৰু আপত্তি কৰিব পাৰিব ১৪ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ ৷
আনহাতে ২৮ ডিচেম্বৰত প্ৰকাশ পাব সংশোধিত চূড়ান্ত ভোটাৰ তালিকা ৷ ইয়াৰ পিছতো হয়তো ৰাজ্যিক নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব নিৰ্বাচনৰ দিন আৰু ভোট গণনা ৷