বুধবাৰে পুৱাই দক্ষিণ দিল্লীৰ নেব চৰাই অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । মুহূৰ্ততে অমানিশা নামি আহিল এটা পৰিয়াললৈ । এটা বাসগৃহৰ ভিতৰত তেজেৰে লুটুৰি পুতুৰি অৱস্থাত এজন ব্যক্তি, তেওঁৰ পত্নী আৰু তেওঁলোকৰ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হয় । জানিব পৰামতে তেওঁলোক তিনিওকে ছুৰীৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰা হৈছিল । তেওঁলোকৰ পুত্ৰই প্ৰাতঃভ্ৰমণ কৰি উভতি আহি ঘৰৰ ভিতৰত তিনিওৰে মৃতদেহ পৰি থকা অৱস্থাত দেখি হতচকিত হৈ পৰে ।
মৃত তিনিজন ৰাজেশ তানৱাৰ (৫৫), কোমল (৪৭) আৰু কবিতা (২৩) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি, পুৱা ৫ বজাৰ পৰা পুৱা ৭ বজাৰ ভিতৰত এই শিহৰণকাৰী হত্যাকাণ্ডটো সংঘটিত হৈছিল । এই ঘটনা সংঘটিত হোৱাৰ সময়ত পুত্ৰ অৰ্জুন জগিং কৰিবলৈ গৈছিল ।
এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই ততাতৈয়াকৈয়ে দিল্লী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা পৰীক্ষা কৰি মৰেণোত্তৰ পৰীক্ষাৰ বাবে নিকটতম চিকিৎসালয়লৈ প্ৰেৰণ কৰিছো ।
ঘটনা নিৰীক্ষণ কৰা এগৰাকী আৰক্ষী বিষয়াই কোৱা অনুসৰি, ফৰেনচিক দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰি প্ৰমাণ যুগুতাইছে ।
ঘটনা সন্দৰ্ভত পৰিয়ালটোৰে চুবুৰীয়া এগৰাকীয়ে কয় যে, কোনো লোকে তেওঁলোকৰ ওচৰতে বাস কৰা পৰিয়ালটোৰ তিনিজন লোকক নিৰ্মমভাৱে হত্যা কৰিছে । অৰ্জুন জগিং কৰিবলৈ গৈছিল, তেওঁ ঘৰলৈ ঘূৰি অহাৰ পিছতে দেখিছিল যে কোনোবাই তেওঁৰ পিতৃ, মাতৃ আৰু ভনীয়েকক হত্যা কৰিছে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত আছে ।
গোচৰটোৰ বিৱৰণ
প্ৰাথমিক অনুসন্ধান অনুসৰি, অৰ্জুনে সচৰাচৰ পুৱা খোজ কাঢ়িবলৈ যোৱাৰ আগতে মূখ্য গেটখন লক কৰিবলৈ পৰিয়ালৰ লোকক কৈ থৈ যায় । আজি পুৱা অৰ্জুন উভতি অহাৰ পিছতেই অৰ্জুনে নিজৰ লগত থকা ছাবিৰে গোট খুলি ঘৰলৈ সোমাওঁতেই তিনিওগৰাকীয়ে মৃতদেহ উদ্ধাৰ কৰে । ” মৃত ৰাজেশ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আৰু কবিতাই মাৰ্ছেল আৰ্টত ক’লা বেল্ট লাভ কৰিছিল । আজি মৃত দম্পতীহালৰ বিবাহ বাৰ্ষিকী আছিল । এতিয়ালৈ এই হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই ।
নেব চৰাই আৰক্ষীয়ে মৃতকৰ পুত্ৰ আৰু স্থানীয় লোকসকলক জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে হত্যাকাৰী চিনাক্ত কৰিবলৈ পথৰ কাষৰ চিচিটিভি কেমেৰাও পৰীক্ষা কৰি আছে ।