ৰাজ্যত অপৰাধৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস হৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ হৈ অহাৰ পিছতে মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে অপৰাধৰ ঘটনা । বিগত দিনসমূহত মহানগৰীত ধাৰাবাহিকভাৱে হৈ থকা অপৰাধৰ ঘটনাই চৰম নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ জনতা । চোৰৰ টিঘিলঘিলনিত মহানগৰবাসীয়ে এতিয়া খন্তেকৰ বাবেও যেন ঘৰি এৰিবলৈ এশবাৰ ভাবিবলগা হৈছে । ইয়াৰ সমান্তৰালকে চিলনী চোৰ, হত্যা, নাৰীজনিত অপৰাধ, ডকাইতি আদি ঘটনাই একপ্ৰকাৰৰ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত কৰিছে মহানগৰীক ।
অপৰাধৰ সংখ্যা
মাহনগৰীত যোৱা ১০ মাহত অৰ্থাৎ ১ জানুৱাৰীৰ পৰা ৩১ অক্টোবৰলৈ ২,১৭ টা চুৰিৰ ঘটনাৰ গোচৰ ৰুজু হৈছে ।
এই সময়ছোৱাত মহানগৰীৰ থানাসমূহত ১৬২ টা ডকাইতৰ ঘটনাৰ গোচৰ ৰুজু হৈছে ।
চিলনী চোৰৰ ঘটনা
উল্লেখ্য যে, নৱেম্বৰ মাহত মহানগৰীত বহুকেইটা চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে । আনকি শেহতীয়া এক ঘটনাত চিলনী চোৰে এগৰাকী মহিলাক ছুৰীকাঘাতৰ ঘটনা সংঘটিত হৈছে । মহানগৰীত সংঘটিত এনে অপৰাধজনিত ঘটনাসমূহত বিভিন্নজনে আৰক্ষীৰ ব্যৰ্থতাৰ অভিযোগ তুলি আহিছে ।
আনহাতে আৰক্ষী আৰু অপৰাধীৰ ভূমিকাক লৈ উত্থাপিত প্ৰশ্নসমূহৰ সন্দৰ্ভত অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহিলাপৰিদৰ্শক ভায়’লেট বৰুৱাই প্ৰকাশ কৰি কয় যে, কেৱল মহানগৰতেই নহয় ৰাজ্যত শেহতীয়াকৈ অপৰাধজনিত ঘটনা ভয়ংকৰ ৰূপে বৃদ্ধি পাইছে । মহানগৰীত চিলনী চোৰ, মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাসমূহ চিন্তনীয় বিষয় হৈ পৰিছে । বিশেষকৈ ৰাজহুৱা স্থানত অপৰাধৰ সংখ্যা বৃদ্ধি হোৱাটো উদ্বেগজনক ।
তেওঁ লগতে কয় যে, মহানগৰীত আৰক্ষীৰ টহল যথেষ্ট কম । আৰক্ষী আৰু নাগৰিকৰ মাজত যি সম্পৰ্ক থাকিব লাগিছিল সেয়া মাজতে কিছু ভাল হোৱা দেখা গৈছিল যদিও সম্প্ৰতি সেই দূৰত্ব বৃদ্ধি হৈছে ।