Horoscope:ৰাশিফল
মেষ: গৱেষকসকলে কর্মত নতুন উৎসাহ পাব কোনো সংবাদত মন ঠিক নাথাকিব পাৰে। কর্মস্থানত সহকৰ্মীৰ কামৰ ওপৰত গুৰুত্ব দিয়ক প্ৰেমত শুভ।
বৃষ: ধন প্রাপ্তিৰ সম্ভাৱনা আছে। আনৰ কথাত মন বেয়া নকৰি স্বকৰ্মত মন দিয়ক। ব্যৱসায়ীসকল লেনদেনত বাধাপ্রাপ্ত হ’ব। শৰীৰৰ প্ৰতি নজৰ দিয়ক।
মিথুন: সামগ্রিকভাৱে দিনটো ভালেৰেই পাৰ হ’ব। কৰ্মক্ষেত্ৰত নিজৰ উদ্দেশ্য সাধনৰ চেষ্টা কৰক। নিবনুৱাৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি।
কর্কট: আনৰ ওপৰত নিৰ্ভৰ নকৰিব, হোৱা কামখিনি নহ’বও পাৰে। নতুনকৈ কোনো কামৰ সন্ধান পাব। ঘৰুৱা দায়িত্ব পালনত অর্থ ব্যয় হ’ব পাৰে।
সিংহ: নানা আহুকালৰ মাজেদি দিনটো পাৰ হ’ব বাবে সাৱধানে থাকক। কর্মস্থানত নতুন দায়িত্ব পৰিব। দাম্পত্যত জেদভাৱ ত্যাগ কৰক। ভ্ৰমণৰ বাবে যো-জা।
কন্যা: আর্থিকত খৰচ বৃদ্ধি পালেও সি প্রয়োজনীয় কাৰণত হ’ব পাৰে। ক্ষেত্ৰ বিশেষে স্বর্ণ লাভৰ আশাও কৰিব পাৰে। পাৰিপাৰ্শ্বিকত বিশেষ বাধা নাপাব। মাতৃৰ শৰীৰ ঠিকেই থাকিব।
তুলা: দিনটো আপোনাৰ মোটামুটি ভালেই যাব। আর্থিকত প্রাপ্য ধন পোৱাৰ আশা কৰিব পাৰে। ব্যৱসায়ত আইনগত বাধা আহিব। ভ্রমণত দ্রব্য লাভৰ কাৰকতা।
বৃশ্চিক: সামূহিক দৃষ্টিত খুব উন্নত দেখা নাযায়। বিদ্যাত অনুকূল। সন্তানৰ সুসংবাদ পাব। ঘৰুৱাত বেছি একো নাই। ব্যৱসায়ীসকলৰ আৰ্থিক সমস্যাৰ সমাধান হ’ব।
ধনু: যোগ্যতা সম্পন্ন ব্যক্তিয়ে নিজৰ প্ৰায়বোৰ কৰ্মতে সুচল অনুভৱ কৰিব পাৰে। ভাই-ভনীৰ পৰা আনন্দ পাব। আর্থিকত বিশেষ বাধা নাপাব। দাম্পত্যত চিন্তা।
মকৰ: মান-সম্মানৰ ক্ষেত্ৰত উৎসাহ পাব। পূৰ্বৰ তুলনাত মনৰ কঠোৰতা হ্রাস পাব। নতুন কৰ্ম সন্ধানৰ সম্ভাৱনা। বিদ্যাত শুভ হঠাৎ আনন্দৰ কৰক।
কুম্ভ: সামান্য উন্নত হ’লেও দুই-এটা বেদনাদায়ক কথাই মন গধুৰ কৰিব পাৰে। কিন্তু সতর্ক থাকিলে বহুতো হ্রাস পাব। ঘৰুৱা পৰিৱেশ মজলীয়া।
মীন: অস্থিৰতা বৰ্জন কৰিবলৈ চেষ্টা কৰক। যান-বাহনৰ পৰা সাৱধান আকস্মিক আঘাত প্ৰাপ্তিৰ সম্ভাৱনা। ব্যৱসায়ীসকলে সফলতা পাব।