ব্যায়াম তথা শাৰীৰিক কাৰ্যকলাপ সাধাৰণতে স্বাস্থ্যৰ বাবে উপকাৰী । কিন্তু অত্যাধিক শাৰীৰিক কাৰ্যকলাপ হৃদৰোগৰ বাবে অতি মাৰাত্মক হ’ব পাৰে । ই হৃদৰোগৰ ঘটনাৰ আশংকা বৃদ্ধি কৰিব পাৰে।
হৃদৰোগ বিশেষজ্ঞসকলে কয় যে, উপকাৰিতা বিপদাশংকাতকৈ অধিক। এলচেভিয়েৰৰ দ্বাৰা প্ৰকাশিত চিজেচি অপেন আৰু কানাডিয়ান জাৰ্নেল অফ কাৰ্ডিঅ’লজীত প্ৰকাশিত অধ্যয়নৰ নতুন তথ্য় সমীক্ষাৰ ফলাফলত উল্লেখ কৰা অনুসৰি, বিভিন্ন প্ৰকাৰৰ ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপ হৃদৰোগীসকলৰ বিপদাশংকা বৃদ্ধি কৰে ।
এই অধ্যয়নটোত উল্লেখ কৰা অনুসৰি, কুৱেবেকত সৰ্বাধিক সংখ্যক প্ৰাকৃতিক মৃত্যুৰ কাৰণৰ শীৰ্ষত আছে চাইকেল চলোৱা, হকী খেলা আৰু চিকাৰ কৰা, তাৰ ভিতৰত ৯৫ শতাংশই হঠাতে হৃদক্ৰিয়া বন্ধ হৈ হোৱা মৃত্যু হোৱাৰ ঘটনা ।
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ কাৰক-
- অত্যাধিক শাৰীৰিক সক্ৰিয়তাই হৃদযন্ত্ৰৰ ওপৰত চাপ পেলাব পাৰে, বিশেষকৈ যিসকল লোকৰ ফিটনেছৰ স্তৰ পূৰ্বৰে পৰাই দুৰ্বল ।
- ডিহাইড্ৰেশ্য়ন অথবা শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য় হ্ৰাস পালে দীঘলীয়া সময় ব্যায়াম কৰি থাকিলে হৃদযন্ত্ৰৰ সমস্যা উদ্ভৱ হ’ব পাৰে ।
- কিছুমান লোকে শৰীৰত এবছ অথবা মাংসপেশী বৃদ্ধি কৰিবলৈ ঔষধ তথা বিশেষ ছাপ্লীমেণ্টৰ ব্যৱহাৰ কৰে, এইসমূহ ঔষধ তথা বিশেষ ছাপ্লীমেণ্টৰ ব্যৱহাৰে হৃদযন্ত্ৰক চাপ দিব পাৰে আৰু হৃদযন্ত্ৰৰ ঘটনাৰ আশংকা বৃদ্ধি কৰিব পাৰে।