ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে পলিঅ’ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । ভিন্ন প্ৰান্তৰ লগতে শনিবাৰৰ পুৱা চিৰাং জিলাতো পলিঅ’ প্ৰতিষেধক কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷ চিৰাঙৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত চিৰাং জিলাৰ জিলা আয়ুক্ত যতীন বৰাই শিশু সকলক পলিঅ’ৰ পালি প্ৰদান কৰি জিলা ভিত্তিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ জিলাখনৰ শূণ্যৰ পৰা পাঁচ বছৰ বয়সলৈ মুঠ ৬ঌ,৩৬৫ গৰাকী শিশুক প’লিঅ প্ৰদানৰ লক্ষ্য হিচাপে লোৱা হৈছে ৷
প্ৰথম অৱস্থাত, জিলাখনত থকা মুঠ ৪৩৮ টা বুথত অনুষ্ঠিত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷ চিৰাঙৰ জিলা আয়ুক্ত যতীন বৰাই এই কাৰ্যসূচী সন্দৰ্ভত কয় যে, জিলাখনত আৰম্ভ হোৱা পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীয়ে আশী শতাংশ শিশুক সামৰি ল’ব ৷
এই প’লিঅ প্ৰতিষেধক শুভাৰম্ভ কাৰ্যসূচীত চিৰাং জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্ববাহী অতিৰিক্ত আয়ুক্ত ফিৰদৌছ আলম শ্বেখ, চিকিৎসক ডাঃ ৰাজু কুমাৰ দাস, জিলা টীকাকৰণ বিষয়া ডাঃ অতুল দাস সহ অন্যান্য চিকিৎসক, আৰু নাৰ্ছ আৰু আশা কৰ্মীসকল উপস্থিত থাকে ৷