অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম গাওঁ ভৱানীপুৰ বিধানসভা সমষ্টিৰ উজান বৰবৰীৰ ৰাস পথাৰত আছিল অসম গণ পৰিষদ দলে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে শ্বহীদ দিৱস। উল্লেখ্য যে- শ্বহীদ দিৱস উদযাপনথলীতেই আজি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধাকান্ত তালুকদাৰে সংবাদ মাধ্যমৰ আগত অগপ দল,বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সমালোচনাৰে সৰব হৈ পৰে।
শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধাকান্ত তালুকদাৰে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে- “দহ ডিচেম্বৰৰ দিনটো অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিত সকলৰ বাবে এটা দুখজনক দিন। অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ শ্বহীদ সকলৰ আত্মাই আজিও সম্পূৰ্ণ শান্তি পোৱা নাই।যেতিয়া অসম চুক্তি ৰূপায়ণ হ’ৱ,তেতিয়াহে শ্বহীদৰ আত্মাই শান্তি পাব। অসম চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰক।অসম চুক্তিৰ মূল দাবী আছিল বিদেশী বহিস্কাৰ। কিন্তু বিদেশী বহিস্কাৰ আজিও হোৱা নাই”।
ৰাধাকান্ত তালুকদাৰে কয় যে- ‘মই চৰকাৰলৈ আহ্বান জনাইছো- চৰকাৰে আজি যি ধৰনৰ ‘কা’ জাপি দিছে,সেই ‘কা’ প্ৰত্যাহাৰ কৰি অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ জাতীয় বীৰ শ্বহীদ সকলৰ,নিৰ্যাতিত সকলৰ মান-মৰ্যদা অটুট ৰাখক।’কা’ প্ৰত্যাহাৰ কৰাক,বিদেশী বহিস্কাৰ কৰক।তেতিয়াহে শ্বহীদৰ আত্মাই শান্তি পাব। নিৰ্যাতিতই শান্তি পাব। চৰকাখনক ৰাইজে ধন্যবাদ জনাব”। ৰাধাকান্ত তালুকদাৰে সংবাদ মাধ্যমৰ আগত পূৰ্বৰ দুবাৰৰ অগপ চৰকাৰ আৰু বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰখনে শ্বহীদৰ স্মৃতি সুৰক্ষিত নকৰা বুলি সমালোচনাৰে কৰাৰ লগতে অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত স্মৃতি সৌধ, প্ৰতিমূৰ্তি নিৰ্মাণ,শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত বিশ্বদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় স্থাপনেৰে শ্বহীদৰ স্মৃতি সুৰক্ষিত কৰাৰো চৰকাৰলৈ আহ্বান জনায়।
আনহাতে শ্বহীদ দিৱস উদযাপনথলীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে-অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদ হোৱা মহান পুৰুষ সকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যি সকল মহান পুৰুষে তেওঁলোকৰ জীৱন উচৰ্গা কৰিলে উত্তৰ পুৰুষৰ বাবে,তেওঁলোকৰ প্ৰেৰনাৰে আমি ভবিষ্যতে জাতিৰ অস্তিত্বক আগবঢ়াই যাবলৈ সংকল্পবদ্ধ হৈছোঁ। আনহাতে দুবাৰৰ অগপ চৰকাৰ,অগপ দলে শ্বহীদক প্ৰকৃত মৰ্যদা প্ৰদান নকৰা বুলি আন এক সাংবাদিকৰ প্ৰশ্নত বিব্ৰত হৈ পৰে মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত বিব্ৰতভাৱে কয় যে- শ্বহীদৰ মৰ্যদাৰ এই বিষয়টো কেইবাবাৰো ইয়াত আলোচনা কৰা হৈছে।
ইয়াত কিছু কথাৰ বাবে বোধকৰোঁ…….. ,মই আজিয়েই বিষয়টো আলোচনা কৰিম । তেনে ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই।ইয়াৰ স্থানীয়ভাৱে তেওঁলোকে বিষয়টো আগুৱাই নিলে আমি সম্পূৰ্ণ সহযোগ কৰিম”। আজি আৰম্ভণিতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ ৮৫৫ গৰাকী বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে অগপ,বিজেপিৰ শীৰ্ষ নেতৃবৃন্দই। লগতে দুপৰীয়াৰ পৰা অনুষ্ঠিত প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত,মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,সাংসদ ফনীভূষণ চৌধুৰী,বিধায়ক ফনীধৰ তালুকদাৰ,অগপৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বক্তৃতা প্ৰদান কৰে।
অগপৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ে আত ধৰা মুকলি সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে প্ৰাক্তন বিধায়ক ড:মনোৰঞ্জন দাসে । সভাত প্ৰাক্তন বিধায়ক ক্ৰমে ডা:তাৰা প্ৰসাদ দাস,ভূপেন ৰয়,গুণীন দাস,সত্যব্ৰত কলিতাৰ লগতে বহু সংখ্যক অগপ দলৰ নেতা উপস্থিত থাকে। সভাত ভৱানীপুৰ-সৰভোগ,বজালী,মানাহ বিধানসভা সমষ্টিৰ জাতীয় বীৰ শ্বহীদৰ পৰিয়ালবৰ্গ আৰু নিৰ্যাতিতৰ লগতে নিৰ্যাতিতৰ পৰিয়ালবৰ্গক অগপৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । অগপ আৰু বিজেপিৰ নেতৃবৃন্দই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলীত স্থাপিত শ্বহীদ বেদীতো শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
আনহাতে আজি উজান বৰবৰী গাঁৱৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম গৃহত পৰিয়ালবৰ্গই,শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলীত ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু বজালী জিলা ছাত্ৰ সন্থাই,সৰুপেটাৰ শ্বহীদ ভৱনত সৰুপেটা আঞ্চলিক ছাত্ৰ সন্থাই,সাউদৰভিঠাত স্থানীয় আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰে।