জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ সংসদত পাৰিত হোৱাৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ দিনা আজি আইনখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত দলৰ নেতা-কৰ্মীসকলে গুৱাহাটীৰ চচলত বিতৰ্কিত ক’লা আইনখনৰ বিৰুদ্ধে শ্ল’গান বিৰোধ প্ৰকাশ কৰে।
উল্লেখ্য যে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা কা’ আইনখন ২০১৯ চনত সংসদত পাৰিত হৈছিল। অসমবাসী ৰাইজৰ ব্যাপক বিৰোধিতা স্বত্বেও সেই বছৰৰ ৯ ডিচেম্বৰত আইনখন ধ্বনি মতৰ জৰিয়তে লোকসভাত পাৰিত হয়। সংসদৰ উচ্চ সদন ৰাজ্যসভাত আইন খন পাৰিত হয় ১১ ডিচেম্বৰত। তাৰ পিছদিনা অৰ্থাৎ ১২ ডিচেম্বৰৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আইন খনত অনুমোদন জনাই স্বাক্ষৰ কৰে। সেই হিচাপত আজি ক’লা আইনখন পাৰিত হোৱাৰ ৫ বছৰ সম্পূৰ্ণ হয়।
তাৎপৰ্য্যপূৰ্ণভাৱে সংসদত অসমৰ প্ৰতিনিধিসকলৰ ভিতৰত বিজেপিৰ আটাইকেই গৰাকী সাংসদে। আনহাতে অসম গণ পৰিষদে অসমত কা’ৰ বিৰোধিতা কৰা বুলি কৈ আহিছিল আৰু কা’ৰ বিৰোধিতা কৰো বুলি কৈ চৰকাৰৰ পৰা ওলাই আহিছিল যদিও ৰাজ্যসভাত অসম গণ পৰিষদৰ একমাত্ৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কা’ৰ পক্ষত ভোটদান কৰিছিল। অসমত কা’ৰ বিৰোধিতাৰে গঠিত অসম জাতীয় পৰিষদ দলে ৰাজ্যসভাত কা’ পাৰিত হোৱা দিনটো অৰ্থাৎ ১১ ডিচেম্বৰৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে।
আজি দলটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ আয়োজনত গুৱাহাটীৰ চচলত প্ৰতাৰণা দিৱসৰ অংশ হিচাপে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। দলৰ নেতা-কৰ্মীসকলে ‘কা আমি নামানো’ আৰু ইংৰাজীত ‘We Oppose CAA’ লিখা থকা বেনাৰ আৰু হাতেতে ক’লা পতাকা লৈ শ্লোগান দিয়ে। প্ৰতিবাদকাৰীসকলে ‘কা আমি নামানো’, ‘কা আইন বাতিল কৰক’, ‘বিজেপি মুৰ্দাবাদ’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। দিনৰ ১১ বজাৰ পৰা ১ বজালৈ তেনেদৰে শ্ল’গান দি প্ৰতিবাদকাৰীসকলে হাতে হাতে ক’লে পতাকা আৰু বেনাৰ লৈ ৰাজপথলৈ ওলাই আহিব খোজে যদিও আৰক্ষীয়ে প্ৰৱেশদ্বাৰ ৰুদ্ধ কৰি দি প্ৰতিবাদকাৰীসকলক আৱদ্ধ কৰি ৰাখে।
দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিবাদস্থলীত সাংবাদিকৰ আগত কয় যে কা’ আইনক অসমবাসী ৰাইজে কেতিয়াও সমৰ্থন কৰা নাই আৰু নকৰে। অসমৰ জনমতক উপেক্ষা কৰি বিজেপি মিত্ৰজোট চৰকাৰে গাৰ জোৰত আইনখন প্ৰণয়ন কৰা বুলি কৰি গগৈয়ে কয় যে সকলো অসমপ্ৰেমী মানুহে আইনখনক এখন ক’লা আইন হিচাপে বিবেচনা কৰি আহিছে আৰু কৰি থাকিব। তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ সাংবিধানিক বিচাৰপীঠে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ বুলি ৰায় দিয়া আৰু ১৯৭১ৰ পাছত প্ৰৱেশ কৰা সকলো লোককে বিদেশী গণ্য কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত এতিয়া কা’ আইনখন যে অবৈধ সেয়া স্পষ্ট হৈ গ’ল। এতিয়া কা’ আইন বাতিল কৰাটো চৰকাৰৰ দায়িত্ব। গতিকে আইনখন তৎকালীনভাৱে বাতিল কৰিবলৈ গগৈয়ে চৰকাৰক দাবী জনায়।