এগৰাকী বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ বাবেই সমাজে কৰিলে এঘৰীয়া ৷ বিহা হ’ল পাঁচ হেজাৰ টকা ৷ এই নাভুত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে ছিপাঝাৰ থানাৰ গণেশকুঁৱৰীৰ পদ্মজানীত ৷
গাঁওখনৰে বোৱাৰী এগৰাকীয়ে দৈনন্দিন কাম-কাজৰ সুবিধা হোৱাকৈ পিন্ধিছিল চুৰিদাৰ। ইয়াতে ক্ষুন্ন হ’ল গাঁওবাসী ৷ লগে লগে বোৱাৰীসহ তেওঁৰ পৰিয়ালটিক অনিৰ্দিষ্ট কাললৈ কৰা হ’ল এঘৰীয়া ৷ লগতে গাঁওবাসীয়ে বিহিলে পাঁচ হেজাৰ টকা।
এই সন্দৰ্ভত গাঁওবাসীৰ অদ্ভুত যুক্তি যে, এনেদৰে চুৰিদাৰ পিন্ধা দুগৰাকীকৈ বোৱাৰী ইতিপূৰ্বে পৰকীয়া প্ৰেমত পৰি পলাই গৈছে পৰপুৰুষলৈ ৷ এনে ঘটনা ৰোধ কৰাৰ বাবে গঞাই এই ধৰণৰ পদক্ষেপ ল’বলৈ বাধ্য হ’ল ৷
উল্লেখ্য যে, গাঁওবাসীৰ জৰিমনা সন্মুখীন হোৱা বোৱাৰীগৰাকীৰ স্বামী কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা বাবে অকলেই পৰিয়াল চম্ভালি লৈ এখন সৰু দোকান দি পৰিয়াল পোহপাল দি আহিছে ৷
আনহাতে সামাজিক সংকীৰ্ণতাৰ বলি হৈ মানসিকভাৱে ভাগি পৰা বোৱাৰীগৰাকীয়ে নিজ স্বামী স’তে ন্যায় বিচাৰি দ্বাৰস্থ হৈছে দৰং জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াাৰ ৷