গুৱাহাটী পৌৰ নিগমৰ অধীনত চাফাই কর্মী নিযুক্তিৰ বিয়াগোম কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে । একোজন চাফাই কৰ্মীৰ পৰা একাংশ অভিযন্তাই ২০ হেজাৰ টকাকৈ উৎকোচ আদায় কৰি গুৱাহাটী পৌৰ নিগমৰ অধীনত অবৈধভাৱে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। চলিত বৰ্ষত গুৱাহাটী পৌৰ নিগমৰ অধীনত ছয় শতাধিকক অবৈধ প্রক্ৰিয়াৰে নিযুক্তি দিয়াৰ তথ্য পোহৰলৈ আহিছে।
একাংশ অভিযন্তাই নিযুক্তিৰ নামত সংগ্ৰহ কৰা কোটি টকাৰ ভাগ পৌৰ নিগমৰ শীৰ্ষ বিষয়া তথা কর্তৃপক্ষই লাভ কৰা বাবেই এই কেলেংকাৰীৰ বিৰুদ্ধে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা হোৱা নাই অভিযোগ উত্থাপিত হৈছে। বৰঞ্চ এই কেলেংকাৰী গাপ দিবলৈহে এটা চক্ৰ উঠি-পৰি লাগিছে।
তাৰ মাজতে পোহৰলৈ আহিছে যে, গুৱাহাটী পৌৰ নিগমৰ সংমণ্ডল পাঁচৰ তথা ছুপাৰমার্কেট কাৰ্যালয়ৰ অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকাই কাম দিয়াৰ বাবদ একোজন চাফাই কৰ্মীৰ পৰা ২০ হেজাৰ টকাকৈ উৎকোচ আদায় কৰি আহিছে। জনৈক ‘সাধু’ নামৰ এজন ছুপাৰভাইজাৰে এই কেলেংকাৰী নিয়ন্ত্রণ কৰি আহিছে। দাবীকৃত বন দিবলৈ অস্বীকাৰ কৰাত সংশ্লিষ্ট অভিযন্তা আৰু সহযোগীসকলে বিভিন্ন আতিশয্য চলাই অহা ভুক্তভোগী পাঁচজন শ্রমিকে এই সন্দৰ্ভত পৌৰ আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে যদিও এই সংক্রান্তত কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহয়।
উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নির্দেশনা অনুসৰি ভুক্তভোগী পাঁচজন শ্রমিকে কামত যোগদান কৰাৰ উদ্দেশ্যে সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈছিল যদিও কর্মচাৰীকেইজনক নিজ কার্যালয়লৈ মাতি পঠিয়ায় কার্যবাহী অভিযন্তা হাজৰিকাই। কৰ্মচাৰীকেইজনৰ নাম-ঠিকনা সংগ্ৰহ কৰি অভিযন্তাজনে ২০ হাজাৰ টকাকৈ মুঠ এক লাখ টকা আদায় দিলেহে চাকৰিত যোগদান কৰিব পাৰিব বুলি স্পষ্ট কৰি দিয়ে। এই ধনৰাশি দিবলৈ অমান্তি হোৱা কর্মচাৰীকেইজনে সমগ্র ঘটনা পৌৰ নিগমৰ আয়ুক্ত আৰু সদৌ অসম হৰিজন মজদুৰ ইউনিয়নক লিখিতভাৱে অভিযোগ দিয়ে।
ইউনিয়নেও এই সংক্রান্তত পৌৰ নিগম কর্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰে যদিও কিন্তু আজিকোপতি অভিযন্তাজনৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল । তাৰ মাজতে চর্চা হৈছে যে মন্ত্রী অশোক সিংহলৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই অভিযন্তা হাজৰিকাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবলৈ সাহস গোটাব পৰা নাই পৌৰ নিগম কর্তৃপক্ষই।
লগতে অভিযন্তাজনে বক্রপথেৰে চাকৰি দি সংগ্ৰহ কৰা ধনৰ ভাগ পৌৰ নিগমৰ কে’বাজনো বৰমূৰীয়াৰ পকেটলৈ গৈছিল। লগতে পোহৰলৈ আহিছে যে বক্রপথেৰে নিযুক্তি দিয়া এই কৰ্মচাৰীসকলক নলবাৰী-বৰপেটাৰ পৰা অনা হৈছে।
স্থানীয় তথা অস্থায়ীভাৱে কৰ্মৰত চাফাই কর্মীসকলক এই নিযুক্তি প্রদান কৰা হোৱা নাই ফলত সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু বক্রপথেৰে নিযুক্তি লাভ কৰাসকলক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে অহা ২৬ ডিচেম্বৰত কৰ্মবিৰতি ঘোষণা কৰিছে মজদুৰ ইউনিয়নে। ইউনিয়নে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰাৰ পাছতে সম্প্রতি ঘোচখোৰ অভিযন্তা হাজৰিকাই ভুক্তভোগী কৰ্মচাৰীসকলক নিজৰ পক্ষত থিয় দিয়াবলৈ বিভিন্ন কৌশল অৱলম্বন কৰাৰ লগতে বহু কৰ্মচাৰীৰ পৰা তেওঁৰ পক্ষত লিখিত পত্র সংগ্রহ কৰিছে।