শীতকালত আমাৰ শৰীৰটোক অলপ এক্সট্ৰা কেয়াৰৰ প্ৰয়োজন হয় । শীতকালত ঠাণ্ডা বতাহে আমাৰ ছাল, চুলিসমূহ ৰুক্ষ কৰি তোলে । লগতে ঠাণ্ডাৰ বাবে আমাৰ শৰীৰত পানীৰ পৰিমান প্ৰয়োজনতকৈ কম হোৱাৰ ফলত ডিহাইড্ৰেশ্যন হয় । আনহাতে শীতকালত শৰীৰটো গৰম কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় ।
ADVERTISEMENT
আমি আপোনালোকলৈ লৈ আহিছো এনে কিছু বিশেষ টিপছ যাৰ জৰিয়তে আমি আমাৰ শৰীৰটো গৰম কৰি ৰাখিব পাৰো ।
- আপুনি পিন্ধি থকা কাপোৰৰ তলত গৰম কাপোৰৰ লেয়াৰিং কৰক ।
- স্বাস্থ্যসন্মত খাদ্য আৰু গৰম পানী খাওক ।
- দীঘলীয়া সময়ৰ বাবে বহি নাথাকিব, পৰাপক্ষত খোজ কাঢ়িবলৈ যত্ন কৰক ।
- আপোনাৰ হাত আৰু ভৰি গৰম কৰি ৰাখিব ।
- বয়সস্থ লোকসকলে জুইৰ তাপ লওক ।