নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দতৰা গাঁৱৰ প্ৰয়াত ৰাজেন্দ্ৰ বুজৰবৰুৱাৰ পত্নী ননী বুজৰবৰুৱাৰ আজি দুপৰীয়া ১ -২০ বজাত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি হয় ৷ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বৃহত্তৰ অঞ্চলটোত পৰে শোকৰ ছাঁ ৷
বুজৰবৰুৱা এগৰাকী আদৰ্শ গৃহিণী হোৱাৰ উপৰিও এগৰাকী সুদক্ষ শিপিনী আছিল ৷ তদুপৰি তেওঁ স্থানীয় ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত আছিল ৷ তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ( আৰ এছ এছ )ৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা মাতৃ ৷ ইপিনে তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে তেওঁৰ ঘৰত অসংখ্য গুণগ্ৰাহী লোক উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁৰ মৃত্যুত মন্ত্ৰীদ্বয় জয়ন্ত মল্ল বৰুৱা, ৰনজিৎ কুমাৰ দাস ,সাংসদ দিলীপ শইকীয়াকে ধৰি বিভিন্ন জনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তাপ্ত পৰিয়াল বৰ্গলৈ সমাবেদনা জ্ঞাপন কৰে ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ ৷ ইহ সংসাৰত এৰি যায় তেওঁ পাঁচ গৰাকী পুত্ৰ – বোৱাৰী, নাতি- নাতিনীকে ধৰি অজস্ৰ আত্মীয় – স্বজনক ৷