Ghagrapar Incident:
হাতী -মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ সময়তে সোমবাৰে নিশা গোবিন্দপুৰ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত মিন্টু বৰ্মন নামৰ যুৱকজন গুৰুতৰ ভাৱে আহত হৈ গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ মৃত্যুৰ সতে যুঁজ দি থাকি বুধবাৰে নিশা তেওঁৰ মৃত্যু হয় ৷
ইয়াৰ প্ৰতিবাদত আজি স্থানীয় ৰাইজে সোণামতি চ’কত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ এই পথ অৱৰোধ কাৰ্যসূচী উত্তপ্ত হৈ পৰে ৷ পথ অৱৰোধ কাৰ্যসূচীত আৱদ্ধ হৈ পৰে মন্ত্ৰী বিমল বৰা ৷ দীৰ্ঘদিন ধৰি বৃহত্তৰ পূৱ নলবাৰী অঞ্চলত হাতীৰ জাকে সন্ত্ৰাস চলাই অহাৰ পিছতো হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বিয়াগোম বন বিভাগ । হাতী খেদিবলৈ বিভাগটোৱে মাজে মাজে চেষ্টা চলাই যদিও স্থায়ীভাৱে হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম নোহোৱাত চৰম বিপদৰ সম্মুখীন হৈ আহিছে নলবাৰীৰ উত্তৰ অঞ্চলৰ ৰাইজ।
ঘটনাক্ৰমে সোমবাৰে দিনত ঘগ্ৰাপাৰৰ ভদ্ৰাবংগল গাঁৱত দুগৰাকী মহিলাক আক্ৰমণ কৰাৰ বিপৰীতে নিশা গোবিন্দপুৰ গাঁৱৰ এজন যুৱকক আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰে হাতীৰ জাকে ৷ এটি দৰিদ্ৰ পৰিয়ালৰ গৌতম বৰ্মনৰ ডাঙৰ পুত্ৰ মিণ্টু বৰ্মনক হাতীয়ে গছকি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায়। হাতীৰ আক্ৰমণত মিণ্টু বৰ্মনে চকু আৰু মুখত আঘাত পায় । নিশাই তেওঁক নলবাৰীৰ শুশ্ৰুষা হাস্পতালত ভৰ্তি কৰাইছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰিছিল। তাৰ পিছতে বুধবাৰে নিশা আই চি ইউত মৃত্যুৰ সতে যুঁজি কৰুণ মৃত্যুক সাৱটি লয় লোকজনে ।