Bharatiya Gana Parishad has presented a memorandum to the Asst. High Commissioner of Bangladesh:
বাংলাদেশৰ ছাত্ৰ বিক্ষোভত ক্ষমতাচ্যুত হোৱা শ্বেখ হাছিনাৰ পতনৰ পিছত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ছত্ৰছায়াত মুৰ দাঙি উঠিছে মৌলবাদী সকল ৷ ধাৰাবাহিকভাৱে সংখ্যালঘু হিন্দু ,বৌদ্ধধৰ্মী আৰু খ্ৰীষ্টান ধৰ্মালম্বীৰ ওপৰত আৰম্ভ হৈছে নিৰ্যাতন ৷
এনেবোৰ ঘটনাৱলী সন্দৰ্ভত শুক্ৰবাৰে ভাৰতীয় গণ পৰিষদৰ মহিলা শাখাৰ কাৰ্য্যকৰী সভানেত্ৰী জয়া মুখাৰ্জীৰ নেতৃত্বত ভাৰতীয় গণ পৰিষদ দলৰ এটি সজাতি দলে বাংলাদেশত সংখ্যালঘু সহ হিন্দুৰ ওপৰত হোৱা অন্যায় অত্যাচাৰ বন্ধ কৰাৰ লগতে চিন্ময় প্ৰভু মুক্তিৰ দাবীৰে গুৱাহাটীস্থ বাংলাদেশৰ সহঃ উচ্চায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে ৷
এই কাৰ্যসূচীত দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি শান্তনু মুখাৰ্জী, উপ-সভাপতি ছামাদ চৌধুৰী, সাধাৰণ সম্পাদক জোতিষ মুখাৰ্জী, মহানগৰ সমিতিৰ সভাপতি মতিলাল সৰকাৰ, উপ -সভাপতি আশীষ পাল, বিপ্লৱ কৰ, প্ৰচাৰ সম্পাদক প্ৰনয় দাসেও অংশ গ্ৰহণ কৰে ।