Nagaon Soil Conservation:
সততে সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টিৰ আওতাৰ বাহিৰত থকাৰ আপাহতে ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগটোৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া কৰ্মচাৰীয়ে ভূমি সংৰক্ষণৰ বিভিন্ন আঁচনিৰ বিপৰীতে আবন্টিত ধনৰ ওপৰত অবাধ লুণ্ঠনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। নগাঁও ভূমি সংৰক্ষণ ৰেঞ্জ কাটিমাৰীতো বিভাগটোৰ কেতবোৰ আঁচনি ৰূপায়ণৰ নামত বছৰ বছৰ ধৰি অবাধ দুর্নীতি-অনিয়ম সংঘটিত হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নগাঁও ভূমি সংৰক্ষণ ৰেঞ্জটোত বিগত ২০১৯-২০২০ৰ পৰা ২০২২-২০২৩ৰ সময়ছোৱাতেই কে’বা কোটি টকাৰ দুর্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
তথ্য অনুসৰি, নগাঁও ভূমি সংৰক্ষণ ৰেঞ্জ কাটিমাৰীক ভূমি সংৰক্ষণ আৰু ইয়াৰ সম্পৰ্কীয় ৫৭ খন আঁচনিৰ ৰূপায়ণৰ নামত বিগত ২০১৯-২০২০, ২০২০-২০২১, ২০২১-২০২২ আৰু ২০২২-২০২৩ বর্ষ কেইটাত সৰ্বমুঠ ১২ কোটি ১৫ লাখ ৪২ হেজাৰ দুশ টকাৰ প্রাককলন পুঁজিৰ সমুদায় ধন অনুমোদন জনাই আবন্টন দিয়া হৈছিল। ইয়াৰে ২০১৯-২০২০ত ৪০ খন আঁচনিৰ বিপৰীতে ৪৮৯.৪৭৪ লাখ টকা, ২০২০-২০২১৩ ১৩ খন আঁচনিৰ বিপৰীতে ৫০৫.৪৩৯ লাখ টকা, ২০২১- ২০২২ত দুখন আঁচনিৰ বিপৰীতে ৬৭.৯৬ লাখ টকা আৰু ২০২২-২০২৩ত দুখন আঁচনিৰ বিপৰীতে ১০৫.৫৪৯ লাখ টকা অনুমোদন জনাই আবন্টন দিয়া হৈছিল। এই বিশাল ধনৰাশিৰে নগাঁও ভূমি সংৰক্ষণ ৰেঞ্জৰ অঞ্চলাধীন বিভিন্ন অঞ্চলত সুৰক্ষামূলক বনানীকৰণ, নিষ্কাসন চেনেল পুনৰুদ্ধাৰ কৰা, জল সংগ্ৰহ আৰু যোগান, ভূমি উন্নয়ন প্রমুখ্যে কেতবোৰ জনহিতকৰ কাম কৰিবলৈ দিয়া হৈছিল।
প্ৰতিটো কামৰ ঠিকা বিভিন্ন ঠিকাদাৰক আবন্টন দিয়া হৈছিল। ২০১৯-২০২০ৰ আঁচনিসমূহৰ কাম বিত্তীয় বৰ্ষটোৰ জানুৱাৰীৰ পৰা জুনৰ ভিতৰত ঠিকাদাৰে সম্পূৰ্ণ কৰা দেখুৱাই সমুদায় ধন মোকলাই নিবলৈ সক্ষম হৈছে। ঠিক একেদৰে, ২০২০-২০২১ বিত্তীয় বর্ষটো ১৩ খন আঁচনিৰ ভিতৰৰ নখন আঁচনিৰ কাম সম্পূৰ্ণ হোৱা দেখুৱাই সংশ্লিষ্ট আঁচনিৰ বিপৰীতে আবণ্টিত ধনৰ পৰা ৩৮৩.৫৬৬৯৬ লাখ টকা ঠিকাদাৰক মোকলাই দিয়া হয়। ইপিনে, ২০২১-২০২২ বিত্তীয় বর্ষত জল সংৰক্ষণ আৰু বিতৰণ, পতিত মাটি উন্নয়ন, মীন পালনৰ পুখুৰী নিৰ্মাণৰ বাবে দুখন আঁচনিৰ বিপৰীতে আবন্টিত ৬৭.৯৬ লাখ টকা ঠিকাদাৰক মোকলাই দিয়া হৈছিল।
নগাঁও ভূমি সংৰক্ষণ বিভাগৰ নথিত আঁচনিসমূহৰ কাম ঠিকে-ঠাকেই সম্পাদন হোৱা বুলি উল্লেখ থাকিলেও বাস্তৱ ক্ষেত্ৰত ইয়াৰ ছবিখন আছিল সম্পূর্ণ বিপৰীত বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ভূমি সংৰক্ষণৰ আঁচনি ৰূপায়ণ হোৱা সংশ্লিষ্ট অঞ্চলৰ একাংশ ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি, কোনো এখন আঁচনিৰ কামেই বিভাগীয় প্রাককলন অনুসৰি কৰা হোৱা নাছিল। প্রতিখন আঁচনিৰ বিপৰীতে যিমান পৰিমাণৰ ধনৰ আবন্টন দিয়া হৈছিল তাৰ অর্ধেক পৰিমাণৰ ধনো সংশ্লিষ্ট আঁচনিৰ কামত খৰচ হোৱা নাছিল বুলিও তেওঁলোকে অভিযোগ কৰিছে।
বিভাগটোৰ একাংশ বিষয়া-কর্মচাৰী আৰু একাংশ ঠিকাদাৰৰ অসাধু মিতিৰালিৰ পৰিপ্ৰেক্ষিতত অধিকাংশ আঁচনিৰ কামেই ভালকৈ হোৱা নাছিল। ভূমি সংৰক্ষণ বিভাগৰ এই কোটি কোটি টকাৰ আঁচনিৰ পৰা নগা ৰাইজ বিশেষ উপকৃত হ’ব নোৱাৰিলেও বিভাগটোৰ একাংশ বিষয়া-কর্মচাৰী আৰু ঠিকাদাৰৰ জেপ নিশ্চিতভাৱেই গৰম হয় বুলিও একাংশ লোকে অভিযোগ কৰে।