“৮ এপ্ৰিলত প্ৰমোদ বড়োই ছুইচাইড নকৰিলে ৯ এপ্ৰিলত বিপিএফে পাতিব ছহীদ দিৱস”-দেওবাৰে বিজনীৰ বৰলাউগাঁৱত অনুষ্ঠিত বিপিএফৰ বিজনী জিলাৰ সমিতিৰ সপ্তম সাধাৰণ অভিৱৰ্তনৰ মুকলি সভাত উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।
তেওঁ লগতে কয় যে, বিজনী জিলা বিপিএফৰ অন্তৰ্গত তিনিটা পৰিষদীয় সমষ্টিতেই জিকিব । প্ৰমোদ বড়ো শেষ, তেওঁ খাবহে জানে, আজিও খাই আছে। ৰাইজৰ কাৰণে একো কাম কৰা নাই।
লগতে মহিলাৰীয়ে প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিৰ সময়ত দিয়া ভাষণৰ অডিঅ’ বজাই বিটিআৰ চুক্তি আখৰে আখৰে পালন কৰিব নোৱাৰা বুলি অভিযোগ উত্থাপন কৰে । ২০২৫ চনৰ ৮ এপ্ৰিলত প্ৰমোদ বড়ো চৰকাৰৰ অন্ত পৰিব গতিকে ভাষণত কোৱা অনুসৰি প্ৰমোদ বড়োৱে এতিয়া ছুইচাইড কৰিব লাগে, অন্যথা বিপিএফে ছহীদ দিৱস পাতিব বুলি ককৰ্থনা কৰে মহিলাৰীয়ে ।
উল্লেখ্য যে, বিজনী জিলা বিপিএফৰ সপ্তম সাধাৰণ অভিৱৰ্তনৰ মুকলি সভাত হাগ্ৰামা মহিলাৰীৰ উপৰিও মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰীয়া ৰাণী ব্ৰহ্মসহ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলৰ লগতে প্ৰায় ডেৰ সহস্ৰাধিক সমৰ্থকে অংশগ্ৰহণ কৰে ।