বিজনীত ১০,৭৮৪ জন হিতাধিকাৰীলৈ ৰেচন কাৰ্ড

খাদ্য সুৰক্ষা আইনৰ অধীনত বিজনী সমষ্টি ভিত্তিত ৫,৭৪৭ টা পৰিয়ালৰ ১০,৭৮৪ জন হিতাধিকাৰীক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড।

Capture 12

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজ্য চৰকাৰবিকাশৰ ১২ দিন কাৰ্যসূচী অব্যাহত আছে । এই কাৰ্যসূচীৰ অংশস্বৰূপে বিজনীত দেওবাৰে দ্বিতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । খাদ্য সুৰক্ষা আইনৰ অধীনত বিজনী সমষ্টি ভিত্তিত ৫,৭৪৭ টা পৰিয়ালৰ ১০,৭৮৪ জন হিতাধিকাৰীক প্ৰদান কৰা হ’ব ৰেচন কাৰ্ড।

বিজনীৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, পাৰিষদ প্ৰভাত বসুমতাৰী, মহকুমাধিপতি কৃতি চাচৰা, বিজনীৰ পৌৰপতি গুণেশ্বৰ গয়াৰী উপস্থিত থাকে।

Exit mobile version