ডিগবৈ উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ সম্পন্ন কৰা হয় ।১৯৭০ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত অধ্যয়নৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মিলন সমাৰোহখনৰ কাৰ্যসূচী অনুসৰি পাতাকা উত্তোলন,স্মৃতি তৰ্পণ,গছ পুলি ৰোপণ, বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক,কৰ্মচাৰীক সম্বৰ্দ্ধনা জ্ঞাপন, প্ৰাক্তন ছাত্ৰছাত্ৰী সকলৰ অন্তৰংগ আলাপ আৰু নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰাৰ সংগীতানুষ্ঠানে সফল সামৰণি পৰে ৷
প্ৰাক্তন ছাত্ৰছাত্ৰীৰ মিলন সমাৰোহৰ লগত সংগতি ৰাখি “ বোধিদ্ৰুম’’ নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচনা কৰা হয় ৷ এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও অংশগ্ৰহণ কৰে ৷
মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মঞ্চত জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা আবৃত্তি কৰি বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে তিনি লাখ টকাৰ এটা জিৰণি চ’ৰা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷