Two-day drama festival of Sonapur Dengrali starts:
দুয়োফালে পাহাৰে আগুৰা, মাজত কিছু সমতল ভূমি। এই সমতলৰ এডৰা ভলুকাবাঁহৰ তলত চোতাল সদৃশ এখন মুকলি মঞ্চ। মঞ্চৰ সন্মুখফালে পাহাৰৰ টিলাত ঢাপে ঢাপে সজা দর্শক গেলেৰী। যান্ত্রিক কোলাহলৰ পৰা বহু যোজন নিলগত এনে প্রকৃতিৰ বিনন্দীয়া পৰিবেশত আজিৰে পৰা দুদিনীয়াকৈ সোণাপুৰৰ মিলনপুৰত অনুষ্ঠিত হৈছে নাট মহোৎসৱ।
সোণাপুৰৰ অন্যতম অগ্রণী নাট্যগোষ্ঠী দেংৰালী ক্রিয়েটৰচ হাবৰ উদ্যোগত ‘দেংৰালী টাইডচ- সৃষ্টিৰ মন্থন ৪.০’ নামেৰে নামাকৰণ কৰা এই নাট মহোৎসৱ আজি বস্তি প্রজ্বলনেৰে উদ্বোধন কৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড:সদানন্দ পায়েঙে। তদুপলক্ষে অনুষ্ঠিত চিত্র শিল্প আৰু আলোকচিত্র প্রদর্শনী উন্মোচন কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেবব্রত খনিকৰে।
ইয়াৰ পাছতে টিম দেংৰালীৰ পৰিচালনাত শিশু নাট ‘আমি বনৰীয়া’ নামেৰে প্ৰথমখন নাট প্রদর্শিত হয়। মহোৎসৱৰ দ্বিতীয়খন অসীম কুমাৰ নাথৰ পৰিচালনাত চিপাঝাৰৰ নাট্যদল ‘চর্চা’ৰ ‘বিড়াল তপস্বী’ নামৰ শীর্ষক নাট খনি প্রদর্শিত হয়। নাটখনিৰ জৰিয়তে পৰিচালকে এচাম স্বার্থান্বেয়ী লোকে সমাজৰ দুৰ্বল তথা সাধাৰণ ৰাইজক ছল-বল, কূট-কৌশল তথা প্রলোভনৰে সৰ্বসাধাৰণ ৰাইজক কৰি থকা শোষণ, দমনৰ প্ৰতিচ্ছবি সুন্দৰৰৈ প্ৰকাশ কৰিছে।
একেদৰে নাটখনৰ জৰিয়তে পৰিচালকে সৰ্বসাধাৰণ ৰাইজ সজাগ হ’লে অহংকাৰী লোক তথা স্বেচ্ছাচাৰী শাসক পক্ষৰ শেষৰ কৰণ পৰিণতিৰ কথাও পৰিস্ফুত কৰিছে নাটখনৰ জৰিয়তে। নাটখনত অভিনয় কৰা শিল্পীসকলৰ সাবলীল অভিনয়ে দর্শক শ্রোতাক সুকীয়া মাদকতা প্রদান কৰে। মহোৎসৱৰ বিয়লি দেংখালী ক্রিয়েটৰচ হাব তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক মণিমালা দাসৰ একক অভিনয়ৰে ‘হো উইল কনফেচ’ নামৰ তৃতীয়খন নাট প্রদর্শিত হয়। সামাজিক, ৰাজনৈতিক, জাতীয়তাবাদ আদি বিভিন্ন দিশ সামৰি কৰা মণিমালাৰ বলিষ্ঠ অভিনয়ে দর্শকক মোহাচ্ছন্ন কৰি ৰাখে। ইফালে, মহোৎসৱৰ অন্তিম নাটখন মাজুলীৰ নাট্য গোষ্ঠী ‘নাটঘৰ’ৰ ভাস্কৰজ্যোতি বৰাৰ পৰিচালনাত ‘মুক্তি’ নাটখন প্রদর্শিত হয়।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ চুটি গল্পৰ আধাৰত ৰচিত নাটখনত অসমীয়া জাতীয়তাবোধ, সমাজৰ জাতিভেদ প্রথা, সমাজত মানৱৰূপে এচাম দানৱে কৰি অহা অপৰাধ আদিৰ ওপৰত প্ৰদৰ্শিত নাটখনে নাট্যমোদী ৰাইজক সুকীয়া মাদকতা প্রদান কৰিবলৈ সক্ষম হয়। ইফালে, কাইলৈ মহোৎসৱৰ দ্বিতীয় দিনা কলিকতাৰ অমিতেশ গুপ্তাৰ পৰিচালনাত নাট ‘আপুনি কি কয়’, গুৱাহাটী দিব্যাংগ নাট্য বিদ্যালয়ৰ ৰাজীৱ কুমাৰ সাউদৰ পৰিচালনাত নাট ‘ৰাক্ষস হোৱাই ভাল’; নগাঁৱৰ নৱজ্যোতি বৰাৰ পৰিচালনাত নাট্যগোষ্ঠী জ্যোতিশিল্পৰ ‘বুকাত বিয়লি বেলা’ আৰু দেংৰালীৰ মহেন্দ্ৰ দাসৰ পৰিচালনাত ‘ৰোমন্থন নাটখন প্ৰদৰ্শন কৰা হ’ব। তদুপলক্ষে এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।