Bilasipara Rice:
বিলাসীপাৰা সমজিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বগা চাউলৰ কলা বেহা। নিতৌ চাউল মাফিয়াই দুই নম্বৰী কায়দাৰে বিলাসীপাৰাৰ ভিতৰুৱা চৰাঞ্চলৰ মাজেৰে চোৰাং ব্যবসায় কৰি আহিছে । অথচ বিলাসীপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই নীৰৱ ভুমিকা লৈছে। এই অভিযোগ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰে পৰা উত্থাপন কৰি আহিছে। এনে সময়তে বিলাসীপাৰা আৰক্ষীয়ে সুলভ মুল্যৰ দুই নম্বৰী চাউল বিছাৰি এক অভিযান চলায়।
জানিব পৰা মতে, অভিযানটোত বগা চাউল ভৰ্তি ট্ৰেক্টৰ এখন চৰাঞ্চল অভিমুখে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি ৰবলৈ নিৰ্দেশ দিয়ে। আৰক্ষীক সন্মুখত দেখি ট্ৰেক্টৰখন গুটিপাৰাতে এৰি চালক জন পলায়ণ কৰে। পিছত আৰক্ষীৰ দলটোৱে ট্ৰেক্টৰখন বিলাসীপাৰা থানালৈ আনে। আৰক্ষীয়ে ৫২ কুন্টল সুলভ মুল্যৰ চৰকাৰী চাউল সহ ট্ৰেক্টৰখন থানা চৌহদত ৰাখে।
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই অভিযোগ কৰে যে, বিলাসীপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া কৰ্মচাৰীৰ ছিটিং আৰু ফিটিং নীতিত মেঘালয় আৰু বাংলাদেশেলৈ সৰবৰাহ হৈছে চৰকাৰী সুলভ মূল্যৰ চাউল।
উল্লেখ্য যে, চাউল ভৰ্তি ট্ৰাক্টৰখন থানালৈ অনাৰ কেবাঘন্টা পিছতহে নায়েৰআলগা সমবায় সমিতিৰ অধ্যক্ষই চাউল সমুহ এজন সুলভ মুল্যৰ এজেন্টক বিতৰণ কৰাৰ বাবে দিয়া হৈছে বুলি জানিবলৈ দিয়ে। পৰিষদৰ নেতা কৰ্মীৰ প্ৰশ্ন, যদিহে নথিপত্ৰ ঠিকেই আছিল, আৰক্ষীক দেখি চালক জনে কিয় ট্ৰেক্টৰখন এৰি পলায়ন কৰিলে। ঘটনা সন্দৰ্ভত তদন্ত ক্ৰমে বিহীত ব্যৱস্থা কৰাৰ লগতে বগা চাউলৰ চোৰাং বেহা পুলিয়ে পোখালিয়ে উভালি পেলোৱাৰ দাবী উত্থাপন কৰিছে।