Sahitya Pogha:সাহিত্য প্ৰজ্ঞা: ৭২ সংখ্যক জন্মদিনত গুণমুগ্ধলৈ উপহাৰ ডঃ দীনেশ বৈশ্যৰ

nitumoni Saikia

Sahitya Pogha:

‘মই আকৌ লিখিম । এইবাৰ মোৰ লেখা অধিক বিপ্লৱী আৰু বিদ্ৰোহী হ’ব । যদিও মই কৈছিলো এয়া মোৰ জীৱনৰ শেষৰ গ্ৰন্থখন হ’ব, সকলোৰে তাগিদাত মই প্ৰতিশ্ৰুতি দিছো যে মই আকৌ লিখিম । লগতে আপোনালোকৰ সকলোকে জনাবলৈ পাই মই সুখী হৈছো যে অহা ৫ জানুৱাৰীত মোৰ সাহিত্য জীৱনৰ ৫০ বছৰ সম্পূৰ্ণ হ’ব । ৭২ সংখ্যক জন্মদিন উপলক্ষে গুণমুগ্ধক উদ্দেশ্যি এই মন্তব্য প্ৰকাশ কৰে প্ৰখ্যাত সাহিত্যিক- শিক্ষাবিদ ডঃ দীনেশ বৈশ্যই ।

শুকুৰবাৰে উজান বজাৰস্থিত ব্লু মুন হোটেলত সাহিত্যিক, শিক্ষাবিদ ডঃ দীনেশ বৈশ্যৰ “সাহিত্য প্ৰজ্ঞা” আৰু কৰ্কট ৰোগৰ বিশেষজ্ঞ তথা গুৱাহাটী মেডিকেল কলেজৰ বিশেষজ্ঞ ডাঃ ভৱেশ কুমাৰ দাসৰ “জীৱনৰ সাধু” শীৰ্ষক দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । প্ৰতিবৰ্ষৰ তিনি জানুৱাৰীত ডঃ দীনেশ বৈশ্যৰ জন্মদিন উপলক্ষে গ্ৰন্থ চৰ্চা কৰা হয় । এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় । এইবাৰ সাহিত্যিক গৰাকীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে তেওঁৰ ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীৰ প্ৰচেষ্টাত প্ৰাণ পাইছে বৈশ্যৰ সাহিত্য সংকলন সাহিত্য প্ৰজ্ঞা । এই বিশেষ দিনটোত বৈশ্যক বহুতো অনুৰাগী আৰু গুণমুগ্ধই শুভেচ্ছা প্ৰদান কৰেহি ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ডঃ যোছ পালেলি, জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই ।

Exit mobile version