AGP AND BJP WORKERS JOIN CONGRESS: পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তততে বঙাইগাঁও জিলাৰ নৱগঠিত সৃজনগ্ৰাম বিধানসভা সমষ্টিত অগপ আৰু বিজেপিত ব্যাপক খহনীয়া । মুঠ ৪০ গৰাকী অগপ-বিজেপিৰ কৰ্মীৰ কংগ্ৰেছত যোগদান ।
মঙলবাৰে সন্ধিয়া বালাৰচৰ বাণিজ্য বজাৰস্থিত সৃজনগ্ৰাম ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
ADVERTISEMENT
নতুনকৈ যোগদান কৰা সকলক ফুলাম গামোচাৰে দললৈ আদৰণি জনায় বিধায়ক আব্দুল বাতিন খন্দকাৰে। বিধায়কগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, যোৱা এমাহত অগপ-বিজেপিৰ শ শ কৰ্মী কংগ্ৰেছত যোগদান কৰিছে। কংগ্ৰেছত দলত যোগদান কৰিয়েই অগপ বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে দলীয় কৰ্মীসকলে।