EXTRA MARITAL AFFAIR: পৰকীয়া প্ৰেমৰ সন্দেহ: পত্নীক হত্যা কৰি স্বামীয়ে লুকুৱাই ৰাখিলে বক্স পালেঙত, পৰৱৰ্তী পাল বন্ধুৰ ….

EXTRA MARITAL AFFAIR: পৰকীয়া প্ৰেমৰ সন্দেহ: পত্নীক হত্যা কৰি স্বামীয়ে লুকুৱাই ৰাখিলে বক্স পালেঙত, পৰৱৰ্তী পাল বন্ধুৰ ....

EXTRA MARITAL AFFAIR

“মোৰ পৰিকল্পনা আছিল তাইৰ মৃতদেহটো কেইদিনমানৰ পিছত বক্স পালেঙৰ পৰা উলিয়াই কেইবাটাও টুকুৰা কৰি কাটি বিভিন্ন ঠাইত পেলাই দিয়া ।” ঘাতক স্বামীক অকপট স্বীকাৰোক্তি ।

সম্পৰ্কত সন্দেহ, ছাৰখাৰ হ’ল এখন সংসাৰ । পত্নীৰ পৰকীয়া প্ৰেমৰ সন্দেহৰ পৰিণতিত স্বামীয়ে সংঘটিত কৰিলে নাৰকীয় কাণ্ড। ঘটনাৰ বিৱৰণ শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। পত্নীক হত্যা কৰি স্বামীয়ে লুকুৱাই ৰাখিলে বক্স পালেঙৰ ভিতৰত। ইমানতেই শান্ত নহয়, স্বামীৰ পৰৱৰ্তী লক্ষ্য় আছিল পত্নীৰ পুৰুষ বন্ধু ।

আৰক্ষী উপায়ুক্ত অংকিত চৌহানে কোৱা অনুসৰি, শুকুৰবাৰে দক্ষিণ-পশ্চিম দিল্লীৰ জনকপুৰীত এটা বাসগৃহত বক্স পালেঙৰ ভিতৰৰ পৰা ২৬ বছৰীয়া দীপিকা চৌহান নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মহিলাগৰাকীৰ শৰীৰৰ পৰা মুখলৈ বগা টেপেৰে মেৰিয়াই থোৱা আছিল যাতে মৃতদেহটো সোনকালে পচি যায় । মৃত দীপিকা এখন স্পাত কাম কৰিছিল । তেওঁ জনপ্ৰিয় বাইক টেক্সি এপৰ বাবে মটৰচাইকেল আৰোহী ধনৰাজৰ নামৰ এগৰাকী যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ধনৰাজ যথেষ্ট সুৰাপান কৰিছিল । এই আসক্তিৰ বাবে ধনৰাজে উপাৰ্জন কৰা সকলো ধন খৰচ কৰিছিল । সেইবাবে দীপিকাই উপাৰ্জন কৰা ধনেৰে ঘৰ চলাবলগীয়া হৈছিল । ধনেৰে ঘৰটো চলাইছিল।

কিন্তু বিবাহৰ পিছৰে পৰাই দুয়োৰে সম্পৰ্কত ফাঁট মেলিছিল । স্বামীৰ সন্দেহ আছিল যে তেওঁৰ পত্নীৰ অন্য পুৰুষৰ সৈতে আছিল অবৈধ সম্পৰ্ক। তাৰ পৰিণতিতেই সুৰাপায়ী স্বামীয়ে পত্নীক হত্যা কৰি স্বামীয়ে লুকুৱাই ৰাখে বক্স পালেঙৰ ভিতৰত । এই নৃশংস ঘটনা সংঘটিত কৰি অমৃতসৰলৈ পলায়ন কৰিছিল ঘাতক স্বামীয়ে।

আৰক্ষীৰ প্ৰথমিক তদন্তত পোহৰলৈ আহে যে,যোৱা ২৯ ডিচেম্বৰত ধনৰাজে পত্নীক হত্যা কৰি পলায়ন কৰিছিল। ঘটনাস্থলীৰ পৰা অমৃতসৰ পলাই গৈছিল ঘাতক ধনৰাজ। তাৰ পিছতে অমৃতসৰতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক ধনৰাজক।

আৰক্ষীৰ জেৰাত ধনৰাজে কয় যে তেওঁৰ পৰিকল্পনা আছিল দীপিকাৰ মৃতদেহটো কেইদিনমানৰ পিছত বক্স পালেঙৰ পৰা উলিয়াই কেইবাটাও টুকুৰা কাটি বিভিন্ন ঠাইত পেলাই দিয়া । লগতে আৰক্ষীয়ে দাবী কৰা মতে, ধনৰাজে পত্নীৰ পুৰুষ বন্ধুক হত্যা কৰাৰ পৰিকল্পনাও কৰিছিল । আৰক্ষীয়ে ধনৰাজৰ পৰা পত্নী দীপিকাৰসহ মুঠ ৩টা স্মাৰ্টফোন উদ্ধাৰ কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version