মেষ: আর্থিক দিশত বেছি বাধা নাপাব। দৈহিক দিশত বিষ-বেদনা থাকিব। প্রেম-প্রণয়ত সাৱধান হওক। শুভ ৰং ৰঙা।
বৃষ: কর্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে, দিনটোত আর্থিক সমস্যা থাকিব। বিদ্যাত যত্ন লোৱা আৱশ্যক। শুভ ৰং সেউজীয়া।
মিথুন: শৰীৰ প্ৰায় অনুকূলমুখী। বিদ্যাত যত্ন কৰক, অযথা কামত সময় নষ্ট নকৰাই ভাল। আর্থিকত শুভ ফল পাব, ব্যৱসায়ত মধ্যম উন্নতি। সন্তান সম্ভৱা মহিলাসকলে সাৱধান থাকিব। শুভ ৰং নীলা।
কর্কট: টকা-পইছা হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্রত শুভ ফল পাব। শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব। শুভ ৰং ক’লা।
সিংহ: আর্থিক দিশত বাধা নাপাব, শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং মেৰুণ।
কন্যা: দিনটো উন্নত নহ’ব পাৰে। পাৰিবাৰিক ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে। আগন্তুক সময়ৰ বাবে দুঃশ্চিন্তা নকৰাই ভাল। দাম্পত্যত শুভ। শুভ ৰং হালধীয়া।
তুলা: একাধিক কথাত মন বিক্ষিপ্ত থাকিব। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব। প্ৰেমত বাধা-বিঘিনি আছে। ঘৰুৱা শুভ। শুভ ৰং সোণালী।
বৃশ্চিক: পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায়। ভ্ৰমণ কৰিব পাৰে। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ। শুভ ৰং কমলা।
ধনু: ব্যৱসায়ত মধ্যম। শাৰীৰিক দিশত দুৰ্বলতা থাকিব। সন্তানৰ শুভ। প্ৰেমত অস্থিৰতা থাকিব। দাম্পত্যত মধ্যম। শুভ ৰং গুলপীয়া।
মকৰ: কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি ৰাখিব। আর্থিক দিশত বেয়া নহ’ব। প্রেম-প্রীতিত আন্তৰিকতা থাকিব। শুভ ৰং বগা।
কুম্ভ: দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। দাম্পত্যত মতানৈক্য সৃষ্টি হ’ব পাৰে। বিদ্যাত শুভ। শুভ ৰং সেউজীয়া।
মীন: ঘৰুৱা পৰিৱেশ অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব। শৰীৰ বেয়া নাযাব। প্রেমত শুভ । শুভ ৰং ক’লা ।