জবা ফুল আমাৰ সকলোৰে পৰিচিত । প্ৰায়সংখ্যৰ লোকৰ ঘৰতেই জবা ফুলৰ গছ দেখা যায় । এই জবাফুলে কেৱল চৌহদ শুৱনি কৰাই নহয় ইয়াৰ আছে বহু ঔষধি গুণ । জবা ফুল আৰু জবা ফুলৰ পাত সৌন্দৰ্য চৰ্চাৰ লগতে ই স্বাস্থ্যৰ বাবেও অতি উপকাৰী ।
ADVERTISEMENT
- জবা ফুল চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে মহৌষধ ।
- জবা ফুল মহিলাৰ মাহেকীয়া সমস্যাতো সহায়ক
- জবাফুল, পাত, গছৰ ছাল আৰু শিপাৰ ছাল দৰৱত ব্যৱহাৰ হয় ।
- উষ্ণবীৰ্য, কফ, গেছৰ সমস্যা, ইন্দ্ৰলুপ্ত ৰোগত লাভ দায়ক ৰঙা জবা ফুল ।
- জবা ফুলৰ ক্বাথ চৰবতৰ লগত পান কৰিলে জ্বৰ আৰু কাহ উপসম হয়
- জবা ফুলৰ চৰবতে কৃমি নাশ কৰে ।
- জবা ফুলৰ ৰসৰ পৰা প্ৰস্তুত কৰা জবাকুসুম তেল চুলি সৰা বন্ধ হয় আৰু চুলি ক’লা হয় ।
- পুৱা খালী পেটত ৪-৫ পাহমান জবাফুল পিহি কেইদিনমান খালে বহুতো ৰোগ নিৰাময় হয় ।
- জবা ফুলত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে ।
- জবা ফুলৰ চাহ বনাই খালে অতি লাভজনক ।
- জবা ফুলে শালমইনা দূৰ কৰাত বহুত সহায় কৰে ।
- গ্রহণী ৰোগত জবা ফুলৰ কলি ২-৩ টামান পিহি খালে ৰোগ সোনকালে ভাল হয় ।
- জবা ফুল খালে সাধাৰণ ঠাণ্ডা লগা, ডিঙিৰ বিষ, মুৰৰ বিষ দূৰ হয়
- জবা ফুল নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয় ফলত কোনো ৰোগে সহজে আক্রমণ কৰিব নোৱাৰে ।