ভাৰতত দ্ৰুতগতিত সংক্ৰমিত হৈছে HMPV । বিগত ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ ভাৰতত হিউমেন মেটাপ্নিউমোভাইৰাছৰ (এইচ এম পি ভি)ত আক্ৰান্ত হৈছে শিশুসহ ৮ গৰাকী লোক ।
শুকুৰবাৰে গুজৰাটৰ চাবৰকান্থা জিলাৰ এটা আঠ বছৰীয়া শিশুৰ HMPV ভাইৰাছত আক্ৰান্ত হৈছে । যাৰ ফলত গুজৰাটত HMPV ত ৰোগীৰ সংখ্যা তিনিজনলৈ বৃদ্ধি হৈছে এগৰাকী স্বাস্থ্য বিভাগৰ বিষয়াই জানিবলৈ দিয়ে । প্ৰথমে শিশুটোৰ তেজৰ নমুনা ব্যক্তিগত পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছতে পজিটিভ পোৱাৰ পিছতেই স্বাস্থ্য কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত নিশ্চিত কৰিবলৈ পুনৰ শিশুটোৰ তেজৰ নমুনা চৰকাৰী পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । তাৰ পিছতেই শিশুটোৰ শৰীৰত (এইচএমপিভি)ত পজিটিভ বুলি নিশ্চিত হয় ।
গুজৰাটত যোৱা ৬ জানুৱাৰীত এইচ.এম.পি.ভি.-ৰ প্ৰথমটো ঘটনা নথিভুক্ত কৰা হৈছিল । প্ৰথমে ৰাজস্থানৰ এজন দুমহীয়া শিশু ভাইৰেল ৰোগত আক্ৰান্ত হোৱা দেখা গৈছিল । শিশুটোৰ জ্বৰ, ছৰ্দি আৰু কাহৰ লক্ষণ দেখা গৈছিল । তাৰ পিছতেই বৃহস্পতিবাৰে, আহমেদাবাদ চহৰত ভাইৰেল সংক্ৰমণৰ বাবে এজন ৮০ বছৰীয়া বৃদ্ধৰ তেজৰ নমুনা পৰীক্ষা কৰোঁতে HMPV ভাইৰাছ পজিটিভ পোৱা গৈছিল ।
হিউমেন মেটাপ্নিউমোভাইৰাছ কি?
২০০১ চনত প্ৰথমে হিউমেন মেটাপ্নিউমোভাইৰাছ (এইচ.এম.পি.ভি.)ৰ চিনাক্ত কৰা হৈছিল । এই ভাইৰাছ পোনপটীয়া সংস্পৰ্শ বা বতাহৰ জৰিয়তে বিয়পে। ইয়াৰ ফলত মৃদু শ্বাস-প্ৰশ্বাস সমস্যাৰ লক্ষণে দেখা দিয়ে । ভাইৰেল ৰোগৰ দৰে কাহ, জ্বৰ, আৰু ছৰ্দি হোৱা দেখা যায় । এই ভাইৰাছে মুখ্যতঃ শিশু, বৃদ্ধ আৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমকৈ থকা লোকসকলক আক্ৰমণ কৰে । এইচ.এম.পি.ভি.-ৰ সৈতে যুঁজিবলৈ প্ৰাথমিক সাৱধানতামূলক ব্যৱস্থাসমূহৰ ভিতৰত আছে, মুখা পিন্ধা, ফ্লু-সদৃশ লক্ষণ, ফলত যিকোনো লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক পৰিহাৰ কৰক আৰু নিয়মীয়াকৈ হাত ধোৱক।