Mahakumbh 2025 : ৪৫ দিনত ২,০০,০০ কোটি ৰাজহ সংগ্ৰহৰ আশা

কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (চিএআইটি)ৰ এক সমীক্ষা অনুসৰি অনাগত ৪৫ দিনত ৰাজহ ২ লাখ কোটি টকা সংগ্ৰহ হোৱাৰ সম্ভাৱনা আছে । ৪৫ দিনৰ ভিতৰত এই মহাকুম্ভ মেলাই প্ৰায় ৪৫০ নিযুত ভক্ত আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে ।

Mahakumbh 2025

Mahakumbh 2025

যোৱা ১৩ জানুৱাৰী পুৱাৰে পৰা আৰম্ভ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলা ২০২৫। ৪৫ দিনীয়া কাৰ্যসূচীৰে প্ৰয়াগৰাজত আৰম্ভ হৈছে এই কুম্ভ মেলা। কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (চিএআইটি)ৰ এক সমীক্ষা অনুসৰি অনাগত ৪৫ দিনত ৰাজহ ২ লাখ কোটি টকা সংগ্ৰহ হোৱাৰ সম্ভাৱনা আছে । ৪৫ দিনৰ ভিতৰত এই মহাকুম্ভ মেলাই প্ৰায় ৪৫০ নিযুত ভক্ত আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে । এই মেলাই ৰাজ্যখনত বিশেষকৈ পৰ্যটন আৰু আতিথ্য উদ্যোগৰ ক্ষেত্ৰত বৃহৎ সংখ্যক অৰ্থনৈতিক লাভ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি আশা প্ৰকাশ কৰা হৈছে ।

ADVERTISEMENT

যদি প্ৰতিগৰাকীয়ে দৰ্শনাৰ্থীয়ে তেওঁলোকৰ ভ্ৰমণৰ সময়ত প্ৰায় ৫০০০ টকাকৈও খৰচ কৰে, তেনেহ’লে এই মেলাখনৰ পৰা অনায়াসে ২ লাখ কোটি টকা সংগ্ৰহ হোৱাৰ সম্ভাৱনা অধিক । চি.আই.এ.টি.-য়ে লগতে অনুমান কৰে যে, এই মেলাৰ সময়ত স্থানীয় হোটেল, অতিথিশালা আৰু লজবোৰত প্ৰায় ৪০ হাজাৰ কোটি টকা অৰ্জন কৰাৰ সম্ভাৱনা আছে । উত্তৰ প্ৰদেশ চৰকাৰে এই ধৰ্মীয় অনুষ্ঠানটোত প্ৰায় ৭,৫০০ কোটি টকা ব্যয় কৰিছে ।

এক ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানে জনোৱা অনুসৰি, এই মেলালৈ দেশ বিদেশৰ পৰা হেলিকপ্টাৰেৰে প্ৰতিদিনে প্ৰায় ৩.৫ কোটি উপাৰ্জন কৰাৰ সম্ভাৱনা আছে, প্ৰতিগৰাকী দৰ্শনাৰ্থীয়ে বিমানত ৫০০০ টকাকৈ ব্যয় কৰিলেও ৪৫ দিনত ৭,০০০ তীৰ্থযাত্ৰীক সেৱা প্ৰদান কৰা হ’ব ।

চিএআইটিৰ মহাসচিব প্ৰবীণ খাণ্ডেলৱালে কয়, “মহাকুম্ভ মেলা বৃহৎ পৰিমাণৰ অৰ্থনৈতিক আৰু বাণিজ্যিক লাভালাভৰ সাক্ষী হ’ব। এই ভ্ৰমণৰ সময়ত প্ৰতিজন ব্যক্তিৰ গড় ব্যয় ৫০০০ টকাকৈ হ’লেও মুঠ ব্যয় ২ লাখ কোটি টকা অতিক্ৰম কৰিব। ইয়াৰ ভিতৰত আছে হোটেল, অতিথিশালা, অস্থায়ী বাসস্থান, খাদ্য, ধৰ্মীয় সামগ্ৰী, স্বাস্থ্যসেৱা আৰু অন্যান্য সেৱাত ব্যয় কৰা খৰচ।”

মহাকুম্ভত প্ৰদৰ্শন কৰা ব্ৰেণ্ডসমূহঃ

এই মহাকুম্ভ মেলাত বিভিন্ন খণ্ডৰ মুখ্য ব্ৰেণ্ডবোৰে তেওঁলোকৰ সামগ্ৰীসমূহ ষ্টলত প্ৰদৰ্শন কৰে । কিছুৱে তীৰ্থযাত্ৰীসকলৰ বাবে বিশ্ৰাম শিবিৰ স্থাপন কৰিছে । ডেট’ল, ডাবৰ, পেপচিকো, কোকা-কোলা, আৰু আইটিচি আৰু ৰিলায়েন্সৰ দৰে কৰ্পোৰেট হাউচৰ দৰে ব্ৰেণ্ডসমূহে মেলাত নিজৰ ষ্টল বহুৱাইছে । তেওঁলোকে বৃহৎ জনসমাগমৰ ওপৰত নিৰ্ভৰ কৰি অভিনৱ উপায়েৰে প্ৰম’শ্বন কৰা দেখা গৈছে ।

Exit mobile version