Paresh Barua:
বাংলাদেশৰ ছট্টগ্ৰামত ১০ ট্রাক চোৰাং অস্ত্ৰ সৰবৰাহৰ গোচৰত শাস্তি হ্ৰাস পালে পৰেশ বৰুৱাৰ
যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১৪ বছৰলৈ হ্ৰাস কৰা হৈছে পৰেশ বৰুৱাৰ শাস্তি
বাংলাদেশ হাইকৰ্টৰ খণ্ড বিচাৰপীঠে শাস্তি হ্ৰাস কৰে পৰেশ বৰুৱাৰ
উল্লেখযোগ্য় যে, পৰেশ বৰুৱাক পূৰ্বতে প্ৰাণদণ্ডৰ নিৰ্দেশ দিছিল বাংলাদেশৰ উচ্চ ন্যায়ালয়ে
উক্ত গোচৰত পৰেশ বৰুৱাৰ উপৰি আন ৪ অভিযুক্তৰ শাস্তিৰ ম্যাদ ১০ বছৰলৈ হ্ৰাস বাংলাদেশ হাইকৰ্টৰ
সেইসকল হৈছে বাংলাদেশৰ জাতীয় নিৰাপত্তা চোৰাংচোৱা সংস্থাৰ বিষয়া
ইপিনে সম্পূৰ্ণ উক্ত গোচৰত শাস্তি ৰেহাই পালে বাংলাদেশৰ তৎকালীন গৃহমন্ত্ৰী লুৎফুজ্জামান বাবৰে
বাবৰৰ লগতে উচ্চ ন্যায়ালয়ে ৰেহাই দিলে সেনা বিষয়াসহ আন ৪ জনক
এই অস্ত্ৰ সৰবৰাহৰ গোচৰত পূৰ্বে ১৮ জনৰ বিৰুদ্ধে ঘোষিত হৈছিল শাস্তি
২০০৪ চনৰ ১ এপ্ৰিলত ছট্টগ্ৰামত জব্দ হৈছিল ১০ ট্রাকভৰ্তি অস্ত্র
সেই অস্ত্ৰ সৰবৰাহত আলফা জড়িত থকাৰ অভিযোগ হৈছিল উত্থাপন