Kareena Kapoor Khan:
অভিনেত্ৰী কৰীনা কাপুৰ খানে বৃহস্পতিবাৰে পুৱতি নিশা তেওঁলোকৰ বান্দ্ৰাস্থিত বাসগৃহত অভিনেতা তথা স্বামী ছঈফ আলী খানৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাকলৈ উদ্বিগ্ন হৈ পৰিছে ৷
বৃহস্পতিবাৰে পুৱাৰ ভাগত অভিনেতা আৰু স্বামী ছঈফ আলী খানক তেওঁলোকৰ বান্দ্ৰাস্থিত বাসগৃহত হোৱা আক্ৰমণৰ কথা মনত পেলাই কৰীনা কাপুৰ খানে কয় যে অনুপ্ৰৱেশকাৰীয়ে খানক উপযুপৰি ছুৰীৰে আঘাত কৰা দেখিছিল তেওঁৰ ঘৰৰ বনকৰা মহিলা গৰাকীয়ে। ইতিমধ্যে মহিলা গৰাকীয়ে বান্দ্ৰা আৰক্ষীক নিজৰ ভাষ্য প্ৰদান কৰিছে ৷
আৰক্ষীক জনোৱা মতে, “আক্ৰমণকাৰীজন আক্ৰমণাত্মক আছিল। মই তেওঁক বাৰে বাৰে ছঈফক আক্ৰমণ কৰা দেখিছিলো ৷ আনহাতে চিকিৎসাধীন অৱস্থাত ছঈফে আৰক্ষীৰ আগত উল্লেখ কৰে যে আক্ৰমণকাৰীয়ে কোনো মূল্যৱান সামগ্ৰী লগত লৈ যোৱা নাছিল ।
আনহাতে কৰীণা কাপুৰে কয় যে, খানে তেওঁলোকৰ সন্তান টাইমুৰ আৰু জাহাংগীৰ (জেহ নামেৰেও জনাজাত)ক সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল। যেতিয়া আক্ৰমণকাৰীয়ে জেহৰ ওচৰ পাবগৈ নোৱাৰিলে, তেতিয়া তেওঁ খানক একাধিকবাৰ আক্ৰমণ কৰে ।
এই কাণ্ডৰ কেইঘণ্টামানৰ পাছত আতংকিত হৈ কৰীণা ততাতৈয়াকৈ উপস্থিত হয় জ্যেষ্ঠা ভগ্নী কৰিশ্মাৰ ঘৰত ইফালে,আক্ৰমণকাৰীয়ে ছয়বাৰকৈ ছুৰীৰে আঘাত কৰাৰ পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছঈফ আলী খানক তেওঁৰ জ্যেষ্ঠ পুত্ৰ ইব্ৰাহিমে এখন অট্ট’ৰে লৈ যায় লীলাৱতী হাস্পতাললৈ। এইদৰে উল্লিখিত দিনা সংঘটিত হোৱা শ্বাসৰুদ্ধ মুহূৰ্তৰ বৰ্ণন দিয়ে কৰীণা কাপুৰ খানে ৷