অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙ)ক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰৰ । শনিবাৰে এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত বিভাগৰ সঞ্চালকালয়ে জি পি সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰে ।
চি আৰ পি এফৰ বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ভিতুল কুমাৰৰ পৰা দায়িত্ব গ্ৰহণ কৰিব জি পি সিঙে । আই পি এছ বিষয়া কুমাৰক ২০২৪ চনৰ ৩০ ডিচেম্বৰত চি আৰ পি এফ আৰক্ষী সঞ্চালক প্ৰধান পদৰ দায়িত্ব দিয়া হৈছিল ।
২০২৩ৰ ৩১ জানুৱাৰীত তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে ।