12 Pakistani YouTubers who praised India are missing:
পাকিস্তানত হঠাতে সন্ধানহীন কে’বাজনো ইউটিউবাৰ। প্রকাশিত বাতৰি অনুসৰি সন্ধানহীন হোৱা এই ইউটিউবাৰ সকলে ভাৰতৰ প্ৰশংসা কৰিছিল। কে’বাজনো পাকিস্তানী ইউটিউবাৰে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাম-কাজক প্রশংসা কৰি আহিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছনা অমজদ, ছোৱেৰ চৌধুৰীসহ ১২ জন পাকিস্তানী ইউটিউবাৰ সম্প্ৰতি সন্ধানহীন হৈ আছে।
এইসকল ইউটিউবাৰে বিগত কে’বা সপ্তাহ ধৰি নিজৰ চেনেলত কোনো কনটেন্ট প’ষ্ট কৰা নাই। স্থানীয় সংবাদ মাধ্যমৰ বাতৰিত সন্দেহ কৰা অনুসৰি ভাৰতক প্রশংসা কৰাৰ কাৰণত এই ইউটিউবাৰজনক পাকিস্তানী সেনাই গোপনে হত্যা কৰাৰ সম্ভাৱনা আছে।