Musk will build an undersea tunnel from New York to London:নিউয়ৰ্কৰ পৰা লণ্ডনলৈ মাস্কে সমুদ্ৰৰ তলৰে নিৰ্মাণ কৰিব সুৰংগ

elon musk

Musk will build an undersea tunnel from New York to London:

প্রত্যাহ্বান গ্রহণ কৰিবলৈ সদাপ্রস্তুত বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে এইবাৰ আমেৰিকাৰ নিউয়ৰ্কৰ পৰা ব্রিটেইনৰ ৰাজধানী লণ্ডনলৈ এক সুৰংগ পথ নিৰ্মাণৰ প্রস্তাৱ আগবঢ়ালে।

প্রায় ৫০০০ কিলোমিটাৰ দৈৰ্ঘৰ এই সুৰংগ নিউয়ৰ্কৰ পৰা লণ্ডনলৈ সমুদ্রৰ তলৰে নিৰ্মাণৰ পৰিকল্পনা প্রস্তুত কৰিছে মাস্কৰ প্রতিষ্ঠানে। টেছলা, স্পেচএক্স সহ কে’বাটাও বিশ্বখ্যাত প্রতিষ্ঠানৰ স্বত্বাধিকাৰী মাস্কে কয় যে তেওঁৰ ব’ৰিং প্রতিষ্ঠানে এই সুৰংগ নির্মাণ কৰিব পাৰিব।

মাস্কে লগতে সদৰী কৰা অনুসৰি এই বৃহৎ সমুদ্র পথৰ সুৰংগ নির্মাণৰ বাবে প্রায় ২০ লাখ কোটি ডলাৰৰ প্রয়োজন হ’ব। কিন্তু মাস্কৰ প্রতিষ্ঠানে এই সুৰংগ মাত্র ২০ বিলিয়ন ডলাৰত নির্মাণ কৰিব পাৰিব বুলি দাবী কৰিছে।

বাস্তৱত এই সমুদ্ৰ সুৰংগ নির্মাণ সম্ভব হ’লে নিউয়র্ক আৰু লণ্ডনৰ মাজত যাতায়াতৰ বাবে মাত্র এক ঘণ্টা সময়ৰ প্রয়োজন হ’ব বুলি মাস্কে দাবী কৰিছে। হাইপাৰলুক ৰে’লৰ চলাচলৰ বাবে মাস্কে সমুদ্র পথেদি এই সুৰংগ নির্মাণ কৰাৰ প্ৰস্তাৱ দিলে।

Exit mobile version