Maruti Suzuki car prices hikes:
মাৰুতিৰ যিকোনো মডেলৰ গাড়ী কিনিম বুলি যদি ভাবি আছে ৷ তেন্তে দেৰি নকৰিব ৷ ১ ফেব্ৰুৱাৰীৰ পূৰ্বে ক্ৰয় কৰক মনপচন্দ মাৰুতিৰ গাড়ীখন ৷ কিয়নো ১ ফেব্ৰুৱাৰীৰ পৰা দাম বৃদ্ধি পাব মাৰুতি গাড়ী ৷
উল্লেখ্য যে, মাৰুতি চুজুকি ইণ্ডিয়াই বৃহস্পতিবাৰে নিজৰ বাহন পৰ্টফলিঅ’ত মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰে | ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব মূল্য বৃদ্ধি ৷ মডেলৰ ভিন্নতা অনুযায়ী ১৫০০ টকাৰ পৰা ৩২,৫০০ টকালৈকে বৃদ্ধি পাব দাম ।
ইনপুট আৰু অপাৰেচনেল খৰচ বৃদ্ধি পোৱাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি কোম্পানীটোৱে কয় যে ইয়াৰ বাবে বোজাৰ এটা অংশ গ্ৰাহকৰ ওপৰত অৰ্পণ কৰাৰ বাহিৰে আন উপায় নাই। অটোম’বাইল খণ্ডত খৰচৰ অনুকূলতা আৰু ক্ৰেতাৰ ওপৰত প্ৰভাৱ কম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ্য কৰে মাৰুতি চুজুকি ইণ্ডিয়াই |
মাৰুতি চুজুকি ইণ্ডিয়াই উল্লেখ কৰা মতে দাম বৃদ্ধি পাব ১৫০০ টকাৰ পৰা ৩২,৫০০ টকা পৰ্যন্ত |
মডেল অনুসৰি দাম বৃদ্ধি হ’ব এনে ধৰণৰ :
🔷 অল্ট’ কে১০: ১৯,৫০০ টকা পৰ্যন্ত
🔷 এছ-প্ৰেছ’: ৫,০০০ টকা পৰ্যন্ত
🔷 চেলেৰিঅ’ : ৩২,৫০০ টকা পৰ্যন্ত
🔷 ৱেগনৰ: ১৩ হাজাৰ টকা পৰ্যন্ত🔷• চুইফট: ৫,০০০ টকা পৰ্যন্ত
🔷 ডিজায়াৰ: ১০,৫০০ টকা পৰ্যন্ত
🔷 ব্ৰীজা: ২০ হাজাৰ টকা পৰ্যন্ত
🔷 এৰটিগা: ১৫ হাজাৰ টকা পৰ্যন্ত
🔷 ইকো: ১২ হাজাৰ টকা পৰ্যন্ত
🔷 ছুপাৰ কেৰী: ১০ হাজাৰ টকা পৰ্যন্ত
🔷 ইগনিছ: ৬ হাজাৰ টকা পৰ্যন্ত
🔷বেলেনো: ৯ হাজাৰ টকা পৰ্যন্ত
🔷 চিয়াজ: ১৫০০ টকালৈকে
🔷 XL6: ১০ হাজাৰ টকালৈকে
🔷 ফ্ৰক্স: ৫৫০০ টকা পৰ্যন্ত
🔷 ইনভিক্টো: ৩০ হাজাৰ টকা পৰ্যন্ত
🔷 জিমনি: ১৫০০ টকা পৰ্যন্ত
🔷 গ্ৰেণ্ড ভিটাৰাঃ ২৫ হাজাৰ টকা পৰ্যন্ত
উল্লেখযোগ্য অটোমোটিভ উদ্যোগত বিক্ৰীৰ ক্ষেত্ৰত শেহতীয়াকৈ অৱনতি ঘটিছে। ২০২৪ ৰ ডিচেম্বৰ মাহত মাৰুতি চুজুকিৰ ১,৭৮,২৪৮ ইউনিট বিক্ৰী হৈছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৩০% বৃদ্ধি। ইয়াৰ ভিতৰত আছিল ঘৰুৱাভাৱে বিক্ৰী হোৱা ১,৩২,৫২৩ ইউনিট, ৰপ্তানি কৰা ৩৭,৪১৯ ইউনিট আৰু অন্যান্য অ’ইএমলৈ বিক্ৰী হোৱা ৮,৩০৬ ইউনিট।