Pakistan: অক্ষয়ৰ ছবিত ‘ভিলেন’ পাকিস্তান , নিষিদ্ধ হ’ল স্কাই ফৰ্ছ’
ভাৰতীয় চলচ্চিত্ৰত পাকিস্তানক ‘ভিলেন ‘ ৰূপ দিয়াটো নতুন কথা নহয় ! একাধিকবাৰ ৰূপালী পৰ্দাত প্ৰতিফলিত হৈছে দুয়োখন চুবুৰীয়া দেশৰ শত্ৰুতা । যিটোৱে সমগ্ৰ বিশ্বৰ বক্স অফিচত ভাল ব্যৱসায় কৰাৰ লগতে দৰ্শকৰ পৰা প্ৰশংসাও লাভ কৰিছে।
তাৰ মূল্যও অৱশ্যে পৰিশোধ কৰিব লগা হৈছে । নিষেধাজ্ঞাৰ বাবে মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত এনেধৰণৰ ছবিৰ ব্যৱসায়ত ক্ষতিসাধন হৈছে।
‘স্কাই ফৰ্ছ’ (Sky Force) ৰ ক্ষেত্ৰতো একেই ঘটনা পুনৰাবৃত্তি হৈছে ! অভিযোগ অনুসৰি অক্ষয় কুমাৰৰ ছবিখনত পাকিস্তান বিৰোধী মনোভাৱ প্ৰতিফলিত হৈছে ।
সম্প্ৰতি ২৩ জানুৱাৰী, শুক্ৰবাৰে বিশ্বজুৰি মুক্তি লাভ কৰিছে ‘স্কাই ফৰ্চ’ য়ে । ছবিখনত অক্ষয় কুমাৰ আৰু বীৰ পাহাৰিয়াৰ অভিনয়ে ইতিমধ্যে প্ৰশংসা লাভ কৰিছে।
প্ৰথম দিনটোতে স্কাই ফৰ্চে ১৫ কোটি টকাৰ ব্যৱসায় কৰিছে । চলচ্চিত্ৰখনৰ ব্যৱসায়ৰ শীৰ্ষত, অভিযোগ উত্থাপিত হৈছে যে ছবিখনে ভাৰত-পাকিস্তান সংঘৰ্ষত চুবুৰীয়া ইছলামিক ৰাজ্যক শত্ৰু দেশ হিচাপে চিত্ৰিত কৰিছে।
আৰু সেই সংঘাত দেখুৱাবলৈ, মধ্য প্ৰাচ্যৰ একাধিক অংশত ‘স্কাই ফ’ৰ্চ’ নিষিদ্ধ কৰাৰ বাতৰি পোহৰলৈ আহিছে। সংযুক্ত আৰৱ আমিৰাত, চৌদি আৰৱ, কাটাৰ, ওমানকে ধৰি কেবাঠাইতো অক্ষয়ৰ ছবিখন নিষিদ্ধ কৰা হৈছে। যাতে চিনেমাখনৰ জৰিয়তে সেই ঠাইত বিবাদ বিয়পি নপৰে।
কিন্তু ভাৰতীয় চিনেমা বিশেষজ্ঞৰ মতে “স্কাই ফৰ্চ”ত নিষিদ্ধ হ’ব পৰা কোনো চৰম জাতীয়তাবাদ দেখা নাযায়। শেহতীয়াকৈ কোনো হিন্দী ছবিয়ে এনে বাৰ্তা বা দৃশ্য দেখুৱাব পৰা নাই। গতিকে মধ্যপ্ৰাচ্যৰ দেশসমূহত এনে নিষেধাজ্ঞা অতি আচৰিত!”
মধ্য প্ৰাচ্যৰ বহু ঠাইত হৃত্বিক-দীপিকাৰ ‘ফাইটাৰ’, ‘গদাৰ ২’, ‘আৰ্টিকল ৩৭০’ আৰু ‘টাইগাৰ ৩’ৰ দৰে ছবি নিষিদ্ধ হোৱাৰ এইটো প্ৰথম বাৰৰ বাবে নহয়। ফলস্বৰূপে, বক্স অফিচত ব্যৱসায়ৰ ক্ষেত্ৰত যে সামান্য হ’লেও প্ৰভাৱ পেলাব , সেই কথাও নিশ্চিত ।