Popular Bollywood Actress :
৯০ দশকৰ বলীউডৰ তেওঁ আছিল এগৰাকী জনপ্ৰিয় মোহময়ী অভিনেত্ৰী ৷ অক্ষয় কুমাৰ, আমিৰ খান, ছলমান খান, গোবিন্দা, সঞ্জয় দত্ত আদি অভিনেতাৰ তেওঁ আছিল নায়িকা ৷ কিন্ত অভিনেত্ৰী গৰাকীয়ে শুকুৰবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভত গ্ৰহণ কৰিলে সন্ন্যাস । মমতা কুলকাৰ্ণীৰ পৰা শুকুৰবাৰে তেওঁ হৈ পৰিল শ্ৰী মাই মমতা নন্দ গিৰি। আৰম্ভ কৰিলে জীৱনৰ এক নতুন অধ্যায় ।
মহাকুম্ভৰ কিন্নৰ আখৰাত তেওঁ ‘মহামণ্ডলেশ্বৰ’ অনুষ্ঠানৰ জৰিয়তে সন্যাস ল’লে । দান কৰিলে নিজৰ লগতে পৰিয়ালৰ সদস্যৰ পিণ্ড ৷ সন্ন্যাস লোৱা প্ৰক্ৰিয়াৰ সময়ত মমতা হৈ পৰিছিল যথেষ্ট আৱেগিক । সেই ভিডিঅ’টি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। গেৰুৱা কাপোৰ, ডিঙিত ৰুদ্ৰাক্ষৰ হাৰ , কপালত তিলক। সেই মুহূৰ্তত মমতাই কান্দিছিল হুকহুকাই । উপস্থিত আন সন্যাসী সকলে তেওঁৰ মূৰত ঢালি দিয়ে গাখীৰ । গাখীৰেৰে গা ধোৱাৰ পাছত মমতাক আন এখন গেৰুৱা কাপোৰেৰে মেৰিয়াই দিয়া হ’ল। সকলোৱে এজন এজনকৈ তেওঁক পিন্ধালে মালা । সেই মুহূৰ্ততে অভিনেত্ৰী গৰাকী কিছু সময়ৰ বাবে স্তম্ভিত হৈ পৰিছিল। চকুৰে নিগৰে চকুলো ৷ কিন্তু বাধাৰ অৰ্থ চকুলো নহয়।
উল্লেখ্য যে,মমতাৰ অনুৰাগী সকলে এই ভিডিঅ’টো চাই আচৰিত হৈছে। শুকুৰবাৰৰ দিনটোতে মমতাই কিন্নাৰ আখৰাৰ আচাৰ্য মহামণ্ডলেশ্বৰ অৰ্থাৎ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী আৰু জুনা আখৰাৰ আচাৰ্য স্বামী জয় আম্বানন্দ গিৰীকো লগ পায়। সেই সকলোবোৰ মুহূৰ্তৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতো বিয়পি পৰিল।
উল্লেখ্য যে,৫৩ বছৰীয়া মমতা কুলকাৰ্ণীয়ে ‘কৰ্ণ অৰ্জুন’, ‘চাইনা গেট’, ‘ত্ৰিৰঙা’, ‘আছিক আৱৰা’, ‘ক্ৰাণ্টীভৰ’, ‘বাজী’, ‘সবছে বৰা খিলাদি’, ‘পুলিচৱালা গুণ্ডা’ আদি জনপ্ৰিয় ছবিত অভিনয় কৰিছিল। ইয়াৰ মাজতে তেওঁ কেইবাবাৰো বিতৰ্কত সোমাই পৰিছিল। আনকি আফ্ৰিকান দেশ কেনিয়াত তেওঁৰ নাম ড্ৰাগছৰ সৈতে সাঙোৰ খাইছিল। অৱশ্যে পৰৱৰ্তী সময়ত দোষমুক্ত হৈ ২৫ বছৰৰ পাছত বিগতবৰ্ষত ভাৰতলৈ উভতি আহে।