কেৰেলাৰ কড়িক’ড়ত শুক্ৰবাৰে বিয়লি প্ৰায় হোৱা বিমান দূৰ্ঘটনাত প্ৰায় ১৮ জন লোকৰ মৃত্যু হৈছে ৷অৱশ্যে বহু আঘাতপ্ৰাপ্ত লোক এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ বিমানখনত থকা এগৰাকী যাত্ৰীয়ে দুৰ্ঘটনাৰ সময়ত হোৱা নিজৰ অভিজ্ঞতা সন্দৰ্ভত বৰ্ণনা কৰিছে ৷
যাত্ৰীগৰাকীয়ে এএনআইৰ সন্মুখত সদৰী কৰে “এইয়া এক দুখৰ ঘটনা ৷আমি নিজকে বিমানখনৰ পৰা নপৰিবলৈ সন্মুখৰ আসনখনক ধৰি আছিলো ৷আৰু বিমানখন দুৰ্ঘটনা হোৱাৰ লগে লগে দুটুকুৰালৈ পৰিণত হৈছিল ৷লগতে যাত্ৰীগৰাকীয়ে কয় “আমাৰ আশে পাশে থকা সকলোৱে কান্দিছিল। কোনোবাই কৈছিল দুয়োজন পাইলটৰ লগতে দুগৰাকী মহিলাৰো মৃত্যু হৈছে ৷বাতৰিকাকতত পঢ়িবলৈ পাইছো যে ১৭-১৮ গৰাকী লোকৰ মৃত্যু হৈছে ৷সম্ভৱত অনুকূল বতৰৰ কাৰণে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’ল ” ৷
ইফালে বিমানখনৰ পাঁচ জন যাত্ৰীক এমআইএমএছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।চিকিৎসালয়খনৰ এজন চিকিৎসকৰ মতে যাত্ৰীসকলৰ অধিকাংশৰে মূৰত বেছিকৈ আঘাত পাইছে ৷আনহাতে কেৰেলা কড়িক’ড়ত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ৰানৱেৰ এক কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছতহে লেণ্ড হৈছিল ৷যাৰ কাৰণে বিমানখনৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ সক্ষম নহ’ল পাইলট ৷
ইপিনে কেৰেলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে ৷ডি চি জি ৰ বিষয়াসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ব্লেক বক্সটো ৷ এই ব্লেক বক্সটো পোৱাৰ পিছত বিমানখন কিয় দুৰ্ঘটনাত পতিত হৈছিল সেয়া জানিব পাৰিব ।লগতে ব্লেক বক্সৰ জৰিয়তে দুৰ্ঘটনা হোৱাৰ সময়ত পাইলটসকলে কি কি কথা পাতিছিল সেই সম্পৰ্কেও জানিব পাৰিব ৷
উল্লেখযোগ্য যে শুক্ৰবাৰে দুৰ্ঘটনা হোৱা এই বিমানখন আহিছিল ডুবাইৰ পৰা ৷দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিমানখনৰ আঘাতপ্ৰাপ্ত পুৰুষ,মহিলাসকলক উদ্ধাৰ কৰিবৰ কাৰণে স্থানীয় আৰক্ষী,নাগৰিক,উদ্ধাৰকাৰী দল সকলো তৎপৰ হৈ পৰে ৷ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেৰেলা মুখ্যমন্ত্ৰী বিজয়ন,স্বাস্থ্যমন্ত্ৰীকে ধৰি সকলোৱে এই ঘটনাত শোকপ্ৰকাশ কৰি যাৱতীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিছে ৷