Two businessmen brothers arrested for GST evasion:
জিএছটি ফাঁকিৰ অভিযোগত আটক দুই ব্যৱসায়ী ভাতৃ ৷ মহানগৰীৰ ফাঁচীবজাৰৰ আগশাৰীৰ ব্যৱসায়ী প্ৰতিষ্ঠান ‘শোভাচাৰিয়া ব্ৰাদাৰ্ছ’ত জিএছটিৰ ইন্টেলিজেন্স বিভাগে অৰ্তকিতে অভিযান চলাই স্বত্বাধিকাৰীদ্বয় প্রীতম শোভাচাৰিয়া আৰু অনিকেত শোভাচাৰিয়াক আটক কৰে ৷
ADVERTISEMENT
উল্লেখ্য যে,দুই ব্যৱসায়ী ভাতৃৰ বিৰুদ্ধে অভিযোগ উদ্থাপিত হৈছিল যে দুয়োৰে ২০ খনকৈ ভুৱা ফাৰ্ম চলাই থকাৰ লগতে ১০০ কোটি অধিক ধন জিএছটি ফাঁকি দি আহিছিল ৷
এই সন্দৰ্ভত ক্ষীপ্ৰতাৰে তদন্ত চলাই অৱশেষত দুই ভাতৃক জিএছটি ফাঁকি দিয়াৰ অভিযোগত আটক কৰে জিএছটিৰ ইন্টেলিজেন্স বিভাগে।