Three police inspectors appointed to Dispur police station:
মহানগৰীৰ এখন থানাৰ ক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগৰ বিশেষ পদক্ষেপ ৷ থানা খনত একেলগে নিযুক্তি দিয়া হৈছে ৩ গৰাকী আৰক্ষী পৰিদৰ্শকক ৷
ADVERTISEMENT
অসম সচিবালয় আৰু বিধানসভাৰ সমীপতে থকা সদাব্যস্ত দিছপুৰ আৰক্ষী থানাত গৃহ বিভাগে নিয়োজিত কৰিছে তিনিজন পৰিদৰ্শকক ৷ তিনি বিষয়াই চোৱাচিতা কৰিব তিনিটা দিশ ।
সেই অনুসৰি অপৰাধ নিয়ন্ত্ৰণৰ দায়িত্বত থাকিব অ’চি কৃষ্ণকান্ত লস্কৰে ৷ অ’চি ভাস্কৰ মল্ল পাটোৱাৰীয়ে দিছপুৰ থানা এলেকা পৰিচালনা কৰাৰ বিপৰীতে অ’চি অমৰজ্যোতি গগৈয়ে অপৰাধ নিয়ন্ত্ৰণৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিব ৷ উল্লেখ্য যে ৰাজ্যৰ পোন প্ৰথমবাৰৰ বাবে এখন থানাত নিযুক্তি দিয়া হৈছে তিনিজন আৰক্ষী পৰিদৰ্শকক ৷