Aasu New General Secretary:
বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল আছুৰ সাধাৰণ সম্পাদকৰ নাম। সমীৰণ ফুকনক সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় ।
বিগত কিছুদিন ধৰি খালী হৈ আছিল আছুৰ সাধাৰণ সম্পাদক পদ । শিৱসাগৰ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা ।
প্ৰতিনিধি সভাত শিৱসাগৰৰ ছাত্ৰ নেতা গৰাকীৰ নাম ঘোষণা কৰাৰ পিছতেই জিলাখনৰ চৌপাশত এতিয়া এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে ।
ছাত্র প্ৰতিনিধিৰ লগতে কেবা শতাধিক দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে নৱ-নিৰ্বাচিত ছাত্রনেতা গৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে । সমীৰণ ফুকনৰ নেতৃত্বত অসমৰ পুৰণি ছাত্র সংগঠনটোক এক নতুন গতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে সকলোৱে ।