Andhra Pradesh: অন্ধ্ৰত নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম !
অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানী অমৰাৱতীক সজাবলৈ এটা বৃহৎ পেকেজৰ প্ৰয়োজন! অন্ধ্ৰ প্ৰদেশৰ শাসনাধিষ্ঠ টিডিপিয়ে এই চৰ্তত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটত থাকিবলৈ সন্মত হৈছিল।
এইবাৰ ৰাজ্যখনে বিজেপি শাসিত গুজৰাটক পৰাস্ত কৰিবলৈ গৈ আছে। অন্ধ্ৰ ক্ৰিকেট সংস্থাই (এপিচিএ)তথ্য অনুসৰি অমৰাৱতীত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ সাজু হৈছে।
অৰ্থাৎ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ষ্টেডিয়ামৰ খিতাপ কাঢ়ি নিবলৈ ওলাইছে অমৰাৱতীয়ে।
সাংবাদিকৰ স’তে বাৰ্তালাপ কৰি এচিএৰ সভাপতি কেছিনেনি শিৱান্তে জনাইছে যে ,এক লাখ ৩২ হেজাৰতকৈ অধিক দৰ্শকৰ বাবে এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।
ৰাজ্য চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে ৬০ একৰ ভূমি বাছনি কৰিছে । আমৰাৱতীত ২০০ একৰ ভূমিত এখন ক্ৰীড়া চহৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে টিডিপি চৰকাৰে।
এই ষ্টেডিয়ামখন সেই চহৰত অন্তৰ্ভুক্ত কৰা হ’ব। শিৱান্তৰ মতে, বিচিচিআইয়ে ষ্টেডিয়াম নিৰ্মাণত আৰ্থিকভাৱে সহায় কৰিব। লগতে ৰাজ্যবাসীয়ে এই ষ্টেডিয়ামৰ বাবে বৰঙণি আগবঢ়াব। নতুন ষ্টেডিয়াম নিৰ্মাণ হ’লে অমৰাৱতী বিশ্বৰ মানচিত্ৰত দেখা যাব। এই ষ্টেডিয়াম নিৰ্মাণৰ বাবে মুঠ ৮০০ কোটি টকা ব্যয় কৰা হ’ব।
প্ৰসংগক্ৰমে চন্দ্ৰবাবুৱে দীৰ্ঘদিন ধৰি অমৰাৱতীক অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হিচাপে সজাবলৈ সপোন দেখি আহিছে।
যোৱা বছৰ অন্ধ্ৰ বিধানসভাৰ নির্বাচনত জয়ী হোৱাৰ পাছত টিডিপিৰ নেতাগৰাকী অধিক সক্ৰিয় হৈ পৰিছে৷ আনকি সূত্ৰই দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ পাছত চন্দ্ৰবাবুৱে এন ডি এ চৰকাৰত যোগদানৰ বাবে যি এটা চৰ্ত বান্ধিছিল, সেয়া হ’ল অমৰাৱতীক ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ আৰ্থিক সহায় আগবঢ়াব। চন্দ্ৰবাবুৰ এই দাবী মোডী চৰকাৰে মানি লৈছে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অমৰাৱতীত আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫ হেজাৰ কোটি টকাৰ অতিৰিক্ত পেকেজ ঘোষণা কৰে।
বিশ্লেষকসকলৰ মতে, কেন্দ্ৰ আৰু মোডী চৰকাৰৰ পৰা বিত্তীয় পেকেজ লাভ কৰাৰ পাছত অন্ধ্ৰে মোডীৰ নামেৰে নামাকৰণ কৰা ষ্টেডিয়ামখনক অতিক্ৰম কৰিব।