Narendra Modi on Budget Session 2025:
শুকুৰবাৰৰ পৰা আৰম্ভ হয় তৃতীয় মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম বাজেট অধিৱেশন। বাজেট দাখিলৰ আগদিনা সংসদত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “এইটো ১০ বছৰৰ পাছত প্ৰথম বাজেট অধিবেশন হ’ব, য’ত কোনো বিদেশী ইন্ধন নাই।”
তেওঁৰ মন্তব্য , বহিঃৰাজ্যৰ পৰা যেনেকৈয়ে নহওঁক ইন্ধন দিবলৈ চেষ্টা কৰে । আৰু ইয়াত বহি থকা কিছুমান মানুহে সেই ইন্ধনক সমৰ্থন কৰে। প্ৰধানমন্ত্ৰীৰ এই ‘বিদেশী ইন্ধন’ মন্তব্যক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। বহু ৰাজনীতিবিদে অনুমান কৰে যে প্ৰধানমন্ত্ৰীয়ে এনে মন্তব্য কৰি পৰোক্ষভাৱে বিৰোধীক লক্ষ্য কৰি লৈছে।
মোদীয়ে কয় ,”১০ বছৰ ধৰি চাই আছো। ২০১৪ চনৰ পৰা এতিয়ালৈকে যিমানেই বাজেট অধিবেশন অনুষ্ঠিত হৈছে, মাত্ৰ এদিন বা দুদিন আগতে, বিভিন্ন ধৰণে বহিঃৰাজ্যৰ পৰা ইন্ধন যোগান ধৰাৰ চেষ্টা কৰা হৈছে। কিন্তু এইটো প্ৰথমবাৰৰ বাবে দেখিছো যে এনে কোনো কাণ্ড সংঘটিত হোৱা নাই ।”
একে সময়তে, মোডীয়ে কয় যে তেওঁ নিশ্চিত যে এই বছৰৰ বাজেট অধিৱেশনে ২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ গঢ়ি তোলাৰ লক্ষ্যত এক নতুন আত্মবিশ্বাস প্ৰদান কৰিব। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে সকলো বিৰোধীক এই অধিৱেশন সুচাৰুৰূপে আগুৱাই নিয়াৰ বাবে আহ্বান জনাইছে। তেওঁ কয়,”বন্ধুসকল, আশা কৰিছোঁ এই বাজেট অধিৱেশনে এক নতুন আশা, নতুন সংকল্পক লৈ আৰম্ভ হ’ব ।”
উল্লেখ্য যে,মোডীয়ে ইংগিত দিয়ে যে এই বছৰৰ বাজেটে যুৱ আৰু মহিলাসকলৰ ওপৰত গুৰুত্ব দিব। “এয়া মোৰ তৃতীয় কাৰ্যকালৰ প্ৰথম পূৰ্ণাংগ বাজেট। মই সম্পূৰ্ণৰূপে ক’ব পাৰোঁ যে যেতিয়া দেশখনে ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া ‘উন্নত ভাৰত’ৰ লক্ষ্যও পূৰণ হ’ব। বিশেষকৈ, মহিলা শক্তি আৰু মহিলা শক্তিৰ বিকাশ আমাৰ মুখ্য লক্ষ্য হ’ব। গুৰুত্বৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থাকিব সংস্কাৰ, পৰিৱৰ্তন । ’’
এই বছৰৰ বাজেট অধিৱেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব | ৩১ জানুৱাৰীৰ পৰা (শুক্ৰবাৰে) ১৩ ফেব্ৰুৱাৰীলৈ সংসদৰ প্ৰথমাৰ্ধৰ কাৰ্যক্ৰমণিকা হৈ আৰু ১৪ এপ্ৰিলত শেষ হ’ব। এই বাজেট অধিৱেশনত ১৬খনকৈ বিধেয়ক উত্থাপনৰ সম্ভাৱনা ৷ একেদৰে অধিৱেশনতে ৱাকফ সংশোধনী বিধেয়কো উত্থাপন হোৱাৰ কথা ৷ যোৱাটো বর্ষাকালীন অধিৱেশনত ১২খন বিধেয়ক উত্থাপন হৈছিল ৷