Delhi:‘ন্যূনতম সা-সুবিধা নাই দিল্লীত, বহিঃৰাজ্যলৈ গৈ লাজত পৰিব লগা হয় : বৈদেশিক মন্ত্ৰী

WhatsApp Image 2025 02 02 at 12.47.38

Delhi: ‘ন্যূনতম সা-সুবিধা নাই দিল্লীত, বহিঃৰাজ্যলৈ গৈ লাজত পৰিব লগা হয় : বৈদেশিক মন্ত্ৰী

দেশৰ ৰাজধানী হোৱা স্বত্বেও নূন্যতম সুযোগ- সুবিধাৰ পৰা বঞ্চিত দিল্লীৰ বহুলোক। দিল্লীৰ ইউ পি চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ।

ৰাজধানীৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বহিঃৰাজ্যতো লাজ অনুভৱ কৰিব লগা হৈছে বুলিও তেওঁৰ মন্তব্য । বহু তথ্য লুকুৱাবলগীয়া হয় ।

জয়শংকৰে কয়, “মই যেতিয়াই বিদেশ ভ্ৰমণলৈ যাওঁ তেতিয়াই এটা কথা লুকুৱাই ৰাখিব লাগে। বহিঃৰাজ্যলৈ গৈ ৰাষ্ট্ৰীয় ৰাজধানীত বসবাস কৰা বহু লোক নূন্যতম সুবিধাৰ পৰা বঞ্চিত বুলি ক’বলৈ লাজ লাগে। ঘৰ পোৱা নাই, জল জীৱন মিছনৰ অধীনত পানী পোৱা নাই, আয়ুষ্মান ইণ্ডিয়াৰ অধীনত স্বাস্থ্য সেৱা নাপাই।”

তেওঁৰ বক্তব্য,”এইটো দুৰ্ভাগ্যজনক যে যোৱা ১০ বছৰত দিল্লী পিছ পৰি আছে। দিল্লীৰ এটা বৃহৎ অংশই নূন্যতম সুবিধা লাভ কৰা নাই। “আপৰ শাসনত দিল্লীত পৰিষ্কাৰ পানী, বিদ্যুৎ, গেছ চিলিণ্ডাৰ আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ অধিকাৰৰ পৰা লোকসকল বঞ্চিত হৈছে। যদি চৰকাৰে এই নিম্নতম সেৱা প্ৰদান কৰিব নোৱাৰে, চৰকাৰ সলনি কৰক। ”

জয়শংকৰ কোনো ৰাজনীতিবিদ নহয়। আমোলাতন্ত্ৰৰ পৰা উঠি বৈদেশিক মন্ত্ৰী হৈছে। সেই ধৰণে তেওঁক নিৰ্বাচনী প্ৰচাৰত দেখা নাযায়।

এইবাৰ দিল্লীত অৱশ্যে, বিজেপিয়েও তেওঁক নিৰ্বাচনী প্ৰচাৰত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। জয়শংকৰে শনিবাৰে দিল্লীত দক্ষিণ ভাৰতীয়সকলৰ স’তে বাৰ্তালাপ কৰোঁতে এইকথা কয়।

অৱশ্যে, জয়শংকৰৰ বক্তব্যৰ এক পৃথক গুৰুত্ব আছে কিয়নো তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। আমোদজনক ভাৱে, দিল্লীৰ আন্তঃগাঁথনি সম্পৰ্কে জয়শংকৰৰ অভিযোগই অৱশ্যে কেন্দ্ৰৰ বাবে সামান্য দোষ বহন কৰে।

কাৰণ দিল্লী এতিয়াও কেন্দ্ৰীয় শাসিত অঞ্চল। দিল্লীৰ ৭০ খন আসনৰ বিধানসভা নিৰ্বাচন বুধবাৰে অনুষ্ঠিত হ’ব। বিজেপিয়ে শাসনাধিষ্ঠিত আম আদমী পাৰ্টিক পৰাস্ত কৰিবলৈ দিল্লীত সকলো প্ৰচেষ্টা চলাইছে। বিজেপিয়ে ৰাজধানীত ১০ বছৰৰ ক্ষমতা-বিৰোধীক এক সঁজুলি হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে।

Exit mobile version