Guwahati City:দক্ষিণ শৰণীয়াত বিধ্বস্ত পথে দুর্ভোগ ভোগাইছে পথচাৰীক
: মহানগৰীৰ সদাব্যস্ত দক্ষিণ শৰণীয়াৰ বিধবস্ত পথে পথচাৰীক দুর্ভোগ ভোগাই আহিছে। উল্লেখ্য যে উলুবাৰী পৰা চান্দমাৰী সংযোগী দক্ষিণ শৰণীয়া পথছোৱা ঠায়ে ঠায়ে প্রকাণ্ড গাতৰ সৃষ্টি হৈছে। বিশেষকৈ দক্ষিণ শৰনীয়া চাৰিআলিৰ পৰা চেন্টেল প্লাবিক স্কুলৰ সন্মুখ ভাগলৈ পথচোৱাত বিধ্বস্ত ৰূপ সকলোকে জ্বলাকলা খোৱাইছে। ভঙা পথচোৱা সময়ে সময়ে পানীৰে উপচি থকাত পথচাৰীসকলে খোজকাঢ়ি যাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে।
আনহাতে, পথচোৱাত প্রকাণ্ড প্রকাণ্ড গাত সৃষ্টি হোৱা যান-বাহন চলাচলৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে সদৰী কৰা অনুসৰি ইতিমধ্যে দক্ষিণ শৰণীয়া চাৰিআলিৰ সমীপত কে’বাখনো বাহন গাতত পৰি দুৰ্ঘটনাত পতিত হৈছে। কে’বাজনো ব্যক্তি কিছু পৰিমানে আহতও হৈছে।
এই সন্দর্ভত স্থানীয় লোকে স্থানীয় পাৰিষদকে ধৰি সংশ্লিষ্ট কর্তৃপক্ষত পথচোৱা মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও সংশ্লিষ্ট বিভাগসমূহে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে পথচোৱা শীঘ্ৰে মেৰামতি নকৰিলে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।