Delhi assembly election:ৰাজধানীত পৰিবৰ্তন ! ৭০ খন আসনেৰে দিল্লী বিধানসভাৰ ভাগ্য পৰীক্ষা
হাই-ভল্টেজ প্ৰচাৰৰ শেষত নিৰ্ধাৰিত সময় অনুযায়ী বুধবাৰে পুৱা সাত বজাৰ পৰা দিল্লীত ভোটগ্ৰহণ আৰম্ভ হয়।
৭০ খন আসনৰ দিল্লী বিধানসভাৰ ভাগ্য পৰীক্ষা চলিচে মুঠ ৬৯৯ জন প্ৰাৰ্থীৰ।
বুধবাৰে পুৱাই ভোটকেন্দ্ৰত ভোটদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়েও ভোটদান কৰে।
ইয়াৰ উপৰিও, ভোটকেন্দ্ৰসমূহত সাধাৰণ লোকৰ ভিৰও দেখা গৈছে।
বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দিল্লীৰ নিৰ্মাণ ভৱনৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে।
আপৰ জংপুৰা প্ৰাৰ্থী মনীষ চিছোদিয়াই ভোট দান কৰাৰ আগতে কালকাজী মন্দিৰত প্ৰাৰ্থনা কৰে । মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰেও ইতিমধ্যে ভোটদান কৰে।
আনহাতে, ভোটদান আৰম্ভণিৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ জনসাধাৰণলৈ এক বাৰ্তা প্ৰদান কৰি তেওঁ লিখিছে ,’আজি দিল্লী বিধানসভা নিৰ্বাচনৰ সকলো আসনতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মই দিল্লীৰ সকলো ভোটাৰক সকলো শক্তিৰে গণতন্ত্ৰৰ এই উৎসৱত যোগদান কৰিবলৈ অনুৰোধ জনাইছো। সকলোৱে বুথলৈ গৈ তেওঁলোকৰ মূল্যৱান ভোট দিয়ক। মই প্ৰথমবাৰৰ বাবে ভোট দান কৰা যুৱসমাজকো অভিনন্দন জনাইছো। মনত ৰাখিব, “প্ৰথমে ভোটদান, তাৰ পাছত বিশ্ৰাম ।”
উল্লেখ্য যে আজিৰ পৰা ৭০ আসনৰ দিল্লী বিধানসভাৰ ১৩ হাজাৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সন্ধিয়া ছয় বজালৈ দিল্লীত ১.৫৬ কোটি লোকে ভোটদান কৰিব।
লোকসভা নিৰ্বাচনত মিত্ৰতাৰে যুঁজ দিয়া পাঁচটা দল এতিয়া ৰাজধানীত মুখামুখি হৈছে।বিজেপিয়ে ৬৮ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। মহাৰাষ্ট্ৰত, বিজেপিৰ সহযোগী অজিতৰ এনচিপিয়ে বিজেপিৰ বিৰুদ্ধে ৩০ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে।
আনহাতে, আপে ৭০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে আৰু কংগ্ৰেছে সকলো আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে। বিএছপি পূৰ্ণ গতিত আছে।
তেওঁলোকে ৭০ খন আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে। অল ইণ্ডিয়া মিলি মুছলিম লীগে ১২ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে। বাওঁপন্থীসকলে ১০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে