SC has reprimanded the Assam govt for not repatriating 63 declared foreigners:
প্ৰথমবাৰ বিজেপিৰ প্রধানমন্ত্রী পদৰ প্ৰাৰ্থীৰূপে প্ৰচাৰ চলোৱাৰ সময়ত নৰেন্দ্ৰ মোদীয়ে ১৬ মে’ত (২০১৪ৰ ১৬ মে’) অবৈধ বিদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি দিয়া হুংকাৰ পৰৱৰ্তী সময়ত ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পাছত অবৈধ বিদেশীৰ ক্ষেত্ৰত অনুৰূপ পথেই অসম চৰকাৰে গ্ৰহণ কৰাৰ এক উদাহৰণ মঙলবাৰে পোৱা গ’ল। ঘোষিত বিদেশীক প্রত্যর্পণ কৰাত হোঁহকা-পিছলা কৰি আৰু মিথ্যাচাৰৰ আশ্ৰয় লৈ স্বয়ং উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিল অসম চৰকাৰ।
ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত বিদেশী ঘোষিত ৬৩ জন লোকক প্রত্যর্পণৰ ক্ষেত্ৰত এনে নীতি গ্রহণ কৰাত মঙলবাৰে ক্ষুব্ধ হৈ উঠে সর্বোচ্চ ন্যায়ালয়। এই ৬৩ ঘোষিত বিদেশীৰ প্ৰতি অসম চৰকাৰে প্ৰদৰ্শন কৰা অহৈতুক দৰদক কঠোৰ ভাষাৰে সমালোচনা কৰে ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অভয় এছ অ’কাৰ এখন বিচাৰপীঠে। অসমৰ পৰা বিদেশী প্রত্যর্পণ সম্পর্কীয় একাংশ পক্ষই দাখিল কৰা আবেদনৰ ভিত্তিত ৰুজু হোৱা এটা গোচৰৰ শুনানিৰ সময়ত দুজনীয়া বিচাৰপীঠখনে ৰাজ্য চৰকাৰক ভর্ৎসনা কৰি কটাক্ষৰে কয়, ‘আপোনালোকে কোনো শুভ
মুহুৰত (মাংগলিক মুহূৰ্ত) ৰ বাবে এই ৬৩ বিদেশীক প্রত্যর্পণ কৰিবলৈ অপেক্ষা কৰি আছে নেকি?’ এনেদৰে ন্যায়ালয় সৰৱ হৈ উঠাৰ সময়ত চৰকাৰী অধিবক্তাই কয় যে এই বিদেশী ঘোষিতসকল কোন দেশৰ নাগৰিক সেই তথ্য উদ্ধাৰ হোৱা নাই।
অৱশ্যে চৰকাৰী অধিবক্তাৰ এই যুক্তিত পতিয়ন নগ’ল উচ্চতম ন্যায়ালয়। ইয়াৰ বিপৰীতে অসম চৰকাৰলৈ এক কঠোৰ সকীয়নি জাৰি কৰি বিচাৰপীঠখনৰ অন্যতম বিচাৰপতি ন্যায়াধীশ অ’কাই কয়, ‘আমি আপোনালোক (অসম চৰকাৰ) ৰ বিৰুদ্ধে আদালতক মিছা তথ্য দিয়াৰ গোচৰ ৰুজু কৰিম। আপোনালেকে শুদ্ধ তথ্য দাখিল কৰিব বুলি ধৰিছো।’ এই শুনানিৰ সময়ত ন্যায়ালয়ত অসম চৰকাৰৰ হৈ যুক্তি প্রদর্শন কবে সহ-মহাধিবক্তা তুষাৰ মেহতাই। বিষয়টোক লৈ ন্যায়ালয়ে অসম চৰকাৰক বাক্যবাণেৰে থকাসৰকা কৰাৰ সময়ত মহাধিবক্তা মেহতাই ক্ষমাও বিচাৰে। তেওঁ অসম চৰকাৰৰ প্ৰত্যর্পণৰ কামত কিছু সুৰুঙা থকা বুলিও প্রকাশ কৰে। অৱশ্যে এই কথা লুকোৱাৰ অভিপ্রায় অসম চৰকাৰৰ নাই বুলি মেহতাই ন্যায়ালয়ক অৱগত কৰে।
তেতিয়া ন্যায়াধীশ অ’কাই কয়, ‘অৱশ্যেই সেয়া হৈছে। আপোনালোকে কিয় (এই ৬৩ বিদেশীৰ) নথিপত্ৰ পৰীক্ষণৰ দিনটোৰ কথা নজনায়। আপোনালোকৰ শপতনামা ত্রুটিপূর্ণ।’ তেনে সময়তে ন্যায়াধীশ ভূঞাই কয়, ‘আপোনালোক (চৰকাৰ)-এ যেতিয়াই এজন লোকক বিদেশী বুলি ঘোষণা কৰে তেতিয়াই সেই ব্যক্তিজনৰ ক্ষেত্ৰত দ্বিতীয়টো যুক্তিসংগত পদক্ষেপ ল’ব লাগিব। আপোনালোকে বিদেশ ঘোষিতসকলক চিৰকাল আটক কৰি ৰাখিব নোৱাৰে। এই ক্ষেত্ৰত ২১ নম্বৰ অনুচ্ছেদৰ কথা আছে। অসমত বহুসংখ্যক বন্দী শিবিৰ আছে।
আপোনালোক (চৰকাৰ)-এ কিমানজনক প্রত্যর্পণ কৰিলে?’ ন্যায়াধীশ ভূঞাৰ এই প্ৰশ্নৰ উত্তৰত চৰকাৰী অধিবক্তাই জনায় যে বিদেশী ঘোষিতসকলৰ (নিজ দেশৰ) ঠিকনাৰ তথ্য চৰকাৰৰ ওচৰত নাই।’ তেতিয়া ন্যায়াধীশ অ’কাই কয়, ‘আপোনালোকে বিদেশী ঘোষিত সকলক সংশ্লিষ্ট দেশৰ ৰাজধানী চহৰলৈ প্ৰত্যর্পণ কৰক। ধৰা হওক এজন ব্যক্তি পাকিস্তানৰ। আপুনি (চৰকাৰী অধিবক্তা) পাকিস্তানৰ ৰাজধানী চহৰ কি নাজানেনে? বিদেশী ঘোষিতসকলৰ ঠিকনা নাজানে বুলি কৈ তেওঁলোকক আপোনালোক (চৰকাৰ)-এ কেনেদৰে ইয়াত আটক কবি বাখিব পাবে?’ আজি ন্যায়ালয়ে এই বুলিও স্পষ্ট কৰি দিয়ে যে বিদেশী ঘোষিত হোৱাৰ লগে লগে বিদেশীক প্রত্যর্পণ কৰিবই লাগিব। ‘আপোনালোক (চৰকাৰ)-এ তেওঁলোকৰ নাগৰিকত্বৰ অৱস্থাৰ কথা জানে। তেনে অৱস্থাত আপোনালোক কেনেদৰে তেওঁলোকৰ ঠিকনা পাম বুলি ৰৈ থাকিব পাৰে। যি দেশৰ নাগৰিক সেই দেশে এনে এজন লোকক ক’লৈ প্ৰেৰণ কৰিব সেয়া নির্ধাৰণ কৰিব।’
বিদেশী ঘোষিতক প্রত্যর্পণৰ ক্ষেত্ৰত অসম চৰকাৰে কিয় দেশৰ বৈদেশিক মন্ত্রণালয়ৰ সহায় বিচৰা নাই বুলিও ন্যায়াধীশ অ’কাই প্রশ্ন কৰে। উল্লেখ্য যে উক্ত বিদেশী ঘোবিত ৬৩ জন লোক বর্তমানে বন্দী শিবিৰত বন্দী হৈ আছে। এই ৬৩ বন্দীক তাৎক্ষণিকভাৱে প্রত্যর্পণ কৰিবলৈও মঙলবাৰে ন্যয়ালয়ে অসম চৰকাৰলৈ নিৰ্দেশ জাৰি কৰে। লগতে গোচৰটোৰ সংক্রান্তত আগন্তুক দুসপ্তাহৰ ভিতৰত অসম চৰকাৰক নতুনকৈ শতনামা দাখিল কৰিবলৈও ন্যায়ালয়ে নির্দেশ জাৰি কৰি ইয়াৰ শুনানি অহা ২৫ ফেব্ৰুৱাৰীত পুনৰ গ্ৰহণৰ সিদ্ধান্ত লয়।
ন্যায়ালয়ৰ নিৰ্দেশ মর্মে মঙলবাৰে ভিডিঅ’ কনফাৰেন্স ব্যৱস্থাৰে অসমৰ মুখ্য সচিব ড: ৰবি কোটায়ো শুনানিত অংশগ্রহণ কৰিবলগীয়া হয়। শুনানিৰ সময়ত এই কথাও ফাদিল হয় যে এই ৬৩ বিদেশী ঘোষিতৰ ঠিকনা সম্বন্ধীয় জটিলতাৰ কথা অসম চৰকাৰে বৈদেশিক মন্ত্রণালয়ক অৱগত কৰা নাই। আনহাতে, শুনানিৰ সময়ত আবেদনকাৰী পক্ষৰ অধিবক্তা কলিন গঞ্জালেভে ন্যায়ালয়ক জনায় যে এই ৬৩ বিদেশী ঘোষিতৰ মাজত ৰহিংগ্যাও আছে। গোচৰটোৰ প্ৰকৃত সত্য কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ন্যায়ালয়ক জনাবই লাগিব বুলিও অধিবক্তা গঞ্জালেতে মন্তব্য কবে।
উল্লেখ্য যে যোৱা ২২ জানুৱাৰীতো উক্ত গোচৰৰ শুনানি গ্রহণ কৰে উচ্চতম ন্যায়ালয়ে। উক্ত দিনা শুনানিৰ সময়ত গোৱালপাৰা জিলাৰ মাটিয়াৰ বন্দী শিবিৰৰ প্ৰসংগ উত্থাপন কৰি বন্দী শিবিৰটোত ২৭০ বিদেশী ঘোষিতক বন্দী কৰি ৰখাৰ কাৰণ ন্যায়ালয়ক নজনোৱাৰ বাবে বিচাৰপীঠখনে অসম চৰকাৰক সমালোচনা কৰে। তদুপৰি বন্দী শিবিৰটো আকস্মিকভাবে পৰিদৰ্শন কৰিবলৈ অসমৰ ৰাজ্যিক আইন সেৱাসমূহৰ কর্তৃপক্ষলৈ নিৰ্দেশ জাৰি কৰে ন্যায়ালয়ে।