Guwahati Theft:
গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত বশিষ্ঠ আৰক্ষীৰ | গুলীবৃদ্ধ দিব্যজ্যোতি শইকীয়াৰ আন তিনি সহযোগীক গ্ৰেপ্তাৰ কৰে বশিষ্ট আৰক্ষীয়ে ৷ মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ ৩ সদস্যক ৷
অসমৰ চুৰি বাইক ৰিচিভ কৰা চক্ৰটো জড়িত আছিল দিব্য গেঙৰ সৈতে ৷ চক্ৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নগদ ১লাখ ৪৯হাজাৰ টকাৰ লগতে এখন চুৰি বাইক আৰু তিনিটা মোবাইল ৷ আৰক্ষীৰ এনকাউন্টাৰত আহত হোৱা দিব্যৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে তিনি অপৰাধীক ৷ ধৃত তিনিওজন ক্ৰমে ৱাইভকে থু, হেমনমে থু আৰু আৰ্জেন্ট নংথু | তিনিওজনকে পূৱ জয়ন্তীয়া পাহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৷
উল্লেখ্য যে দিব্য ওৰফে বাবুই গঢ়ি তোলা চক্ৰটোৱে অসমত চুৰি কৰিছিল শ শ বাইক | মেঘালয়ৰ ৩ কুখ্যাত সৰবাৰহকাৰীয়ে দিব্য গেঙৰ পৰা লৈ যায় চুৰি বাইক | তিনি সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাওতেই মঙলবাৰে নিশা সংঘৰ্ষ হৈছিল আৰক্ষীৰ | দুৰ্বৃত্তৰ সৈতে হোৱা সেই সংঘৰ্ষতেই পলাবলৈ চেষ্টা কৰিছিল দিব্যই |
তেতিয়াই বশিষ্ঠ আৰক্ষীয়ে গুলি চলাবলগীয়া হৈছিল দিব্যলৈ | দিব্য এণ্ড গেঙেই ২৬ জানুৱাৰীত বাজপেয়ী ভৱনৰ সমীপৰ পৰা চুৰি কৰিছিল এখন স্কুটি | সেই দৃশ্য বন্দী হৈছিল ঘটনাস্থলিৰ সমীপৰ এটা চিচিটিভি কেমেৰাত ৷ দিব্য গেঙৰ সদস্য দামু ৰাভাই চুৰি কৰিছিল স্কুটি খন | বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হৈছিল গেংটো |