Chardham Yatra:
এপ্রিল ২০২৫ত চাৰধাম তীর্থযাত্ৰা আৰম্ভ হ’ব। এই তীর্থযাত্ৰাৰ বাবে অনলাইন আৰু অফলাইন তীর্থযাত্ৰীৰ পঞ্জীয়ন প্রক্রিয়া শীঘ্ৰে আৰম্ভ কৰা হ’ব। চাৰধাম তীর্থযাত্ৰাৰ সন্দৰ্ভত প্রশাসনে শেহতীয়াভাৱে আয়োজন কৰাৰ এক বৈঠকত পূৰ্বৰ কিছুমান ভুলৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ যাত্ৰীৰ পঞ্জীকৰণ ব্যৱস্থা সলনি কৰাৰ সিদ্ধান্ত লোৱা হ’ল।
দূৰ-দূৰণিৰ পৰা অহা ভক্তৰ সুবিধাৰ বাবে এইবাৰ ৪০ অফলাইন ৰেজিষ্ট্ৰেচন কেন্দ্ৰ খোলা হ’ব। এইবাৰৰ চাৰধাম তীর্থযাত্ৰাৰ পথত প্ৰতি ১০ কিলোমিটাৰত চীতা আৰক্ষী বা হিল পেট্ৰ’লিং ইউনিটক নিয়োগ কৰাৰ সিদ্ধান্ত প্রশাসনে ল’লে।
আৰক্ষীৰ এই দলে যাত্ৰাপথত হ’ব পৰা যিকোনো অসুবিধা আৰু দুৰ্ঘটনাৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে তীর্থযাত্রীক প্রয়োজনীয় সেৱা আগবঢ়াব । অহা ৩০ এপ্রিলত অক্ষয় তৃতীয়াত গংগোত্ৰী আৰু যমুনাত্ৰীধামৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে চাৰধাম যাত্ৰা আৰম্ভ হ’ব। আনহাতে, বদ্রীনাথ মন্দিৰৰ দুৱাৰ চাৰি মে’ত আৰু কেডাৰনাথ ধামৰ দুৱাৰ মহাশিৱৰাত্ৰিত মুকলি কৰা হ’ব।