‘দিল্লীত মিছা কথাৰ শাসনৰ অন্ত পৰিল ‘
বিজেপিৰ দিল্লী জয়ৰ সন্দৰ্ভত অমিত শ্বাহ
:৭০ জনীয়া দিল্লী বিধানসভাৰ আজি ভোট গণনাৰ অন্তত ২৭ বছৰৰ পিছত পুনৰ দিল্লীৰ শাসন বিজেপিৰ
হাতলৈ যোৱাত সন্তুষ্টি লাভ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ দিল্লীত আপৰ পৰাজয়ক “অহংকাৰ আৰু অৰাজকতাৰ পৰাজয়” বুলি অভিহিত কৰে বিজেপিৰ শীৰ্ষ নেতা গৰাকীয়ে ৷
শ্বাহে কয়, “দিল্লীৰ বুকুত পিএম মোডী। দিল্লীৰ জনসাধাৰণে মিছা, প্ৰতাৰণা আৰু দুৰ্নীতিৰ ‘শ্বীশমহল’ ধ্বংস কৰি দিল্লীক আপমুক্ত কৰাৰ বাবে কাম কৰিছে। প্ৰতিশ্ৰুতি ভংগ কৰাসকলক দিল্লীয়ে এনে এটা শিক্ষা দিছে যে সমগ্ৰ দেশতে জনসাধাৰণৰ আগত মিছা প্ৰতিশ্ৰুতি দিয়াসকলৰ বাবে ই এক আদৰ্শ দাঙি ধৰিব।
দিল্লীৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে নিজৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব আৰু দিল্লীক বিশ্বৰ এক নম্বৰ ৰাজধানী হিচাপে গঢ়ি তুলিব। ‘মোডী কি গ্যাৰাণ্টী’ৰ জয় আৰু মোডীজীৰ উন্নয়নৰ দৃষ্টিভংগীৰ প্ৰতি দিল্লীবাসীৰ বিশ্বাস অটুট থাকিল ’৷
জনসাধাৰণক বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাবে শ্বাহে পৰোক্ষভাৱে আপক আক্ৰমণ কৰে। তেওঁৰ মতে, দিল্লীবাসীয়ে আপক ভোট দিয়াটো বাদ দিছে। “লেতেৰা যমুনা, লেতেৰা খোৱাপানী, ভঙা ৰাস্তা, উফন্দি উঠা নলা আৰু প্ৰতিটো ৰাস্তাতে খোলা সুৰাৰ দোকান আদি বিষয়ত জনসাধাৰণে নিজৰ ভোটেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে।”
আনহাতে গৃহমন্ত্ৰীগৰাকীয়ে বিজেপি কৰ্মীসকলক অভিনন্দন জনাই দিল্লীক “আদৰ্শ ৰাজধানী” বুলি উল্লেখ কৰি মহিলাৰ প্ৰতি সন্মানেই হওক, অকৰ্তৃত্বশীল উপনিবেশবাসীৰ আত্মসন্মানেই হওক বা আত্মনিয়োগৰ অপৰিসীম সম্ভাৱনাই হওক, দিল্লী এতিয়া মোডীজীৰ নেতৃত্বত আদৰ্শ ৰাজধানী হিচাপে পৰিগণিত হ’ব।
উল্লেখ্য ৫ ফেব্ৰুৱাৰীত এটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা দিল্লী বিধানসভা নিৰ্বাচনত আজিৰ ভোট গণনাৰ অন্তত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৪৮ খন আসন লাভ কৰাৰ বিপৰীতে আপে ২২আসনতে সন্তুষ্ট থাকিবলগীয়া হয় ৷ কংগ্ৰেছ শূন্যতে স্তব্ধ হয় ৷
মনকৰিবলগীয়া যে, নিৰ্বাচনত পৰাস্ত হৈছে আপৰ শীৰ্ষ নেতা অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়া। অৱশ্যে কলকাজী সমষ্টিৰ পৰা জয়ী হয় দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী